অসমত সকলো চৰকাৰী কামৰ বাবে অসমীয়া ভাষা বাধ্যতামূলক কৰা হৈছে

অসম চৰকাৰে সমগ্ৰ ৰাজ্যতে সকলো চৰকাৰী অধিসূচনা, আদেশ, আইন আৰু একে ধৰণৰ চৰকাৰী কামৰ বাবে অসমীয়া ভাষাক বাধ্যতামূলক চৰকাৰী ভাষা হিচাপে গঢ়ি তুলিছে। ১৫ এপ্ৰিল, মঙলবাৰে অসমীয়া নৱবৰ্ষ অৰ্থাৎ ব'হাগ বিহুৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে ।
মূখ্যমন্ত্ৰীজনে এক্স(X, পূৰ্বৰ টুইটাৰ) ত পোষ্ট কৰি কয় যে এই ব'হাগৰ আৰম্ভণিতে, সমগ্ৰ অসমত সকলো চৰকাৰী অধিসূচনা, আদেশ, আইন আদিৰ বাবে অসমীয়া বাধ্যতামূলক চৰকাৰী ভাষা হ'ব।
অসম চৰকাৰী ভাষা আইন, ১৯৬০ৰ ভিত্তিতে অসম চৰকাৰে পহিলা বহাগত এই আইনৰ কাৰ্যকৰীকৰণৰ বাবে নিৰ্দেশনা জাৰি কৰে। এই সন্দৰ্ভত অসমৰ মাননীয় ৰাজ্যপালে এক অধিসূচনা জাৰি কৰে-
অসম চৰকাৰী ভাষা আইন, ১৯৬০ (১৯৬০ চনৰ অসন আইন নং XXXIII) ৰ ধাৰা ৭ আৰু ৩ অনুসৰি বৰাক উপত্যকা, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পাৰ্বত্য জিলা আৰু বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত স্থানীয় ভাষা ব্যৱহাৰৰ লগতে সমগ্ৰ ৰাজ্যতে অসমীয়া ভাষা ব্যৱহাৰৰ বাবে নিম্নলিখিত নিৰ্দেশনা সমূহ প্ৰস্তুত কৰা হৈছে-
(১) সকলো চৰকাৰী কামত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হ'ব। ৰাজ্য চৰকাৰৰ সকলো বিধেয়ক, আইন, নিয়ম, বিধি, আদেশ, অধিসূচনা, প্রশাসনিক আৰু কার্যবাহী নির্দেশনা, বদলি আৰু নিযুক্তিৰ আদেশ তথা চৰকাৰী ৰাজপত্ৰ ইংৰাজী সংস্কৰণৰ লগতে অসমীয়া ভাষাত জাৰি কৰা হ'ব।
(২) বৰাক উপত্যকাৰ জিলাসমূহত ওপৰোক্ত সকলো চৰকাৰী কামৰ বাবে ইংৰাজীৰ উপৰিও বঙালী ভাষা ব্যৱহাৰ কৰা হ'ব।
(৩) বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত ওপৰোক্ত সকলো চৰকাৰী কামৰ বাবে ইংৰাজীৰ উপৰিও বড়ো ভাষা ব্যৱহাৰ কৰা হ'ব।
(৪) কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা সকলো অধিসূচনা, আদেশ, আইন, নিয়ম, নিয়ময়াৱলী আৰু নির্দেশনা সংশ্লিষ্ট বিভাগৰ দ্বাৰা প্ৰাপ্তিৰ ত্রিশ (৩০) দিনৰ ভিতৰত অসমীয়া ভাষালৈ (প্রয়োজন সাপেক্ষে বড়ো আৰু বঙালী) অনুবাদ কৰি প্ৰকাশ কৰিব লাগিব।
(৫) পুৰণি আইন, নীতি, নথিপত্রসমূহ, বিধি আৰু অধিসূচনা আদিও পর্যায়ক্রমে দুবছৰৰ সময়সীমাৰ ভিতৰত অসমীয়ালৈ (প্রয়োজন সাপেক্ষে বড়ো আৰু বঙালী) অনুবাদ কৰিব লাগিব। এই অনুবাদ প্রক্রিয়া বিশ্ববিদ্যালয়সমূহৰ ভাষা বিভাগৰ সহায়ত সম্পন্ন কৰা হ'ব।
(৬) অৱশ্যে, দুয়োটা সংস্কৰণৰ মাজত কোনো অস্পষ্টতা বা অমিল পৰিলক্ষিত হ'লে অথবা আইনী ব্যাখ্যাৰ প্রয়োজন হ'লে ইংৰাজী সংস্কৰণৰ শব্দায়নক প্রাধান্য দিয়া হ'ব।
(৭) আনহাতে, ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়সমূহ আৰু অন্য ৰাজ্যিক প্ৰশাসনৰ সৈতে যোগাযোগৰ বাবে ইংৰাজী ভাষাৰ ব্যৱহাৰ অব্যাহত থাকিব।
(৮) উল্লেখিত বিষয়সমূহৰ উপৰিও, মহামান্য ন্যায়ালয়ত দাখিল কৰিবলগীয়া সকলো অনুসন্ধানৰ প্ৰতিবেদন, অনুচ্ছেদভিত্তিক মন্তব্য, নির্দেশনা, শপতনামা, চিঠিপত্র ইত্যাদিত ইংৰাজী ভাষা ব্যৱহাৰ অব্যাহত থাকিব।
(৯) যিকোনো নিয়ম, আইন, নিয়মাৱলী, কাৰ্যালয়ৰ আদেশ, আদালতৰ আদেশ বা ৰায়ত সন্নিবিষ্ট ব্যৱস্থাবোৰৰ ব্যাখ্যাৰ বাবে, ইংৰাজী সংস্কৰণে প্রাধান্য পাব।
(১০) ইংৰাজী ভাষাৰ পৰা অসমীয়া, বঙালী আৰু বড়ো ভাষালৈ অনুবাদৰ উদ্দেশ্যে "অনুবাদ ভাষিনী" এপ ব্যৱহাৰ কৰিব পাৰিব। অৱশ্যে, বিষয়াসকলে অনুবাদ কৰা সংস্কৰণবোৰ শুদ্ধ আৰু সঠিক হোৱাটো নিশ্চিত কৰিবলৈ সতর্কতা অৱলম্বন কৰিব লাগিব।
এই অধিসূচনাখন ১৫ এপ্রিল, ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হ'ব (ভাস্কৰাব্দ: প্রথম বহাগ, ১৪৩২; শক যু
গ: ২৫ তম চৈত্র, ১৯৪৬-৪৭)।
What's Your Reaction?






