ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০২৫ ফলাফল

পুৱা ১০.৩০ বজাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উল্লেখ কৰা বিভিন্ন ৱেবছাইটত প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । ১৪টা ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰা হৈছে এই পৰীক্ষাৰ ফলাফলসমূহ।

Apr 11, 2025 - 03:49
Apr 13, 2025 - 00:56
 0  3
ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২০২৫ ফলাফল

পুৱা ১০.৩০ বজাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উল্লেখ কৰা বিভিন্ন ৱেবছাইটত প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ২০২৫ । ১৪টা ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰা হৈছে এই পৰীক্ষাৰ ফলাফলসমূহ।

         পৰিষদে প্ৰকাশ কৰা এই ফলাফলত অসমৰ ভিতৰতে 'অৰ্ডাৰ অৱ মেৰিট'ৰ শীৰ্ষ ৩ টা স্থান দখল কৰিছে যোৰহাটৰ প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু গুৱাহাটীস্থিত নুনমাটিৰ অসম জাতীয় বিদ্যালয়ে। প্ৰথম স্থান দখল কৰিছে প্ৰজ্ঞা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আমিশী শইকীয়াই । তেওঁ‌ সৰ্বমুঠ ৫৯১ নম্বৰ লাভ কৰি ৯৮.৫ শতাংশৰে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় আৰু তৃতীয় স্থানো একেখন বিদ্যালয়ৰে ছাত্ৰ অনিৰ্বাণ বৰগোহাঁইয়ে লাভ কৰিছে । অনিৰ্বাণে ৫৮৯ নম্বৰ (৯৮.১৭ শতাংশ) লাভ কৰে ।

        আনহাতে দ্বিতীয় শীৰ্ষ স্থান দখল কৰিছে নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী সপ্তাৰ্শ্ব বৰদলৈয়ে । সপ্তাৰ্শ্ব বৰদলৈয়ে ৫৯০ নম্বৰ লাভ কৰি ৯৮.৩৩ শতাংশৰে দ্বিতীয় স্থান লাভ কৰে ।

        অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ । পৰীক্ষাত সৰ্বমুঠ ৪,২২,৭৩৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু তাৰ ভিতৰত ২,৭০,৪৭১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে । উত্তীৰ্ণৰ ক্ষেত্ৰত ছাত্ৰৰ হাৰ ৬৭.৫৯ শতাংশৰ বিপৰীতে ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬১.০৯ শতাংশ। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৮৯,০৪১ গৰাকী শিক্ষাৰ্থী । ডিষ্টিংছন লাভ কৰিছে ৫,৩৩৬ গৰাকীয়ে । ষ্টাৰ মাৰ্ক লাভ কৰিছে ১৬,৫১৭ গৰাকীয়ে । বিভিন্ন বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিছে ১,৬৮,৩১২ গৰাকীয়ে । দ্বিতীয় বিভাগত উত্তীৰ্ণ ১,৩৫,৫৬৮ গৰাকী । তৃতীয় বিভাগত উত্তীৰ্ণ ৪৫, ৮৬২ গৰাকী ।

          আনহাতে, ৮৫.৫৫ শতাংশ উত্তীৰ্ণেৰে শিৱসাগৰ জিলা শীৰ্ষত থকাৰ বিপৰীতে ৪৭.৯৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শ্ৰীভূমি জিলা একেবাৰে নিম্ন স্থানত আছে।

           উল্লেখযোগ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৯৪৪ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা আৰু ১৫ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। 

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist