মহানগৰীত পুনৰ অঘটন
আজি মহানগৰীৰ পুনৰ এক অঘটন সংঘটিত হয়। মহানগৰীৰ আৰ্যনগৰৰ বিবেকানন্দ বিদ্যালয়ৰ সমীপত এটি ৩ বছৰীয়া শিশু নলাত পৰি মৃত্যুমুখত পৰে।
আজি মহানগৰীৰ পুনৰ এক অঘটন সংঘটিত হয়। মহানগৰীৰ আৰ্যনগৰৰ বিবেকানন্দ বিদ্যালয়ৰ সমীপত এটি ৩ বছৰীয়া শিশু নলাত পৰি মৃত্যুমুখত পৰে। জানিব পৰা মতে দিনৰ চাৰিমান বজাত শিশুটো খোজকাঢ়ি আহি থাকোঁতে নলাত পৰি যায় আৰু প্ৰায় ৬ মান বজাত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়। নৱনিৰ্মিত উৰণসেতুৰ ফুটপাথৰ নলা উন্মুক্ত হৈ থকাৰ বাবে ঘটনাটো সংঘটিত হয়। ক্ষুব্ধ হৈ স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। শিশুটিৰ মৃতদেহ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে। মৃত শিশুটিৰ নাম সুনিত কুমাৰ। শিশুটিৰ মৃত্যুত অঞ্চলবাসী শোকস্তব্ধ হৈ পৰিছে। অঞ্চলবাসীয়ে উন্মুক্ত নলাৰ বাবে দীৰ্ঘদিন ধৰি জীয়াতু ভুগি অহাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে।
What's Your Reaction?