ধেমাজিত উন্নয়ন খণ্ডৰ উদ্বোধনী অনুষ্ঠান

আনুষ্ঠানিকভাৱে মুকলি হ'ল ধেমাজিত চিমেন-চিচি টঙানি উন্নয়ন খণ্ড। ধেমাজি জিলাৰ এইটো ষষ্ঠটো উন্নয়ন খণ্ড।

Jul 2, 2025 - 18:08
Jul 2, 2025 - 20:49
 0  128
ধেমাজিত  উন্নয়ন খণ্ডৰ উদ্বোধনী অনুষ্ঠান

আজি আনুষ্ঠানিকভাৱে মুকলি হ'ল ধেমাজিত চিমেন-চিচি টঙানি উন্নয়ন খণ্ড। ধেমাজি জিলাৰ এইটো ষষ্ঠটো উন্নয়ন খণ্ড। নৱগঠিত এই টঙানি উন্নয়ন খণ্ড মুঠ ১৩ খন পঞ্চায়তকলৈ গঠন কৰা হৈছে। 

 এই নৱগঠিত চিচি টঙানি উন্নয়ন খণ্ডটোৰ লগতে কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়টোও জোনাইৰ বিধায়ক ভূৱন পেগু, সাংসদ প্ৰদান বৰুৱাৰ উপস্থিতিত আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। দুয়োগৰাকী নেতাই ফিটা কাটি কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰাৰ লগতে সভাত দুয়োগৰাকী নেতাই নিজা নিজা বক্তব্যও ৰাখে। বক্তব্যত ৰাইজৰ বহু দিনীয়া এক আশা আজিৰ দিনটোত পূৰণ হোৱা বুলি সদৰি কৰে নেতাদ্বয়ে।

অতি কম সময়ৰ ভিতৰতে ডিমৌতে এটা ৰাজহ চক্ৰৰ কাৰ্যালয়ো নিৰ্মাণৰ ব্যৱস্থা লোৱা হ'ব বুলি জনাই আৰু লগতে পিছপৰা অঞ্চলটোত উন্নয়ন খণ্ড প্ৰতিষ্ঠাৰ দৰে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক স্থানীয় সাংসদ আৰু বিধায়কজনে কৃতজ্ঞতা জ্ঞাপন কৰে। দীৰ্ঘ দিনৰ পৰা সমস্যাৰে জৰ্জৰিত হৈ থকা ডিমৌবাসী ৰাইজৰ আজি এটা সপোন বাস্তৱায়িত হোৱাৰ আনন্দত প্ৰচণ্ড গৰমকো নেওচি প্ৰায় দুই হাজাৰ স্থানীয় লোক উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্তৰ লগতে সংশ্লিষ্ট বিভাগৰ কেইবাজনো শীৰ্ষ বিষয়া। 

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Bobita Dutta Journalist