গুৱাহাটীত ভয়ংকৰ অগ্নিকাণ্ড
গুৱাহাটীৰ গড়চুকৰ কালিৰাম ৰাজবংশী পথত আজি সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। এটা গুডামৰ পাছফালে গোটাই থোৱা পেলনীয়া প্লাষ্টিকৰ সামগ্ৰীত জুই লাগি সম্পূৰ্ণৰূপে জুইত জাহ যায় গুডামটোৰ এটা অংশ।
গুৱাহাটীৰ গড়চুকৰ কালিৰাম ৰাজবংশী পথত আজি সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। এটা গুডামৰ পাছফালে গোটাই থোৱা পেলনীয়া প্লাষ্টিকৰ সামগ্ৰীত জুই লাগি সম্পূৰ্ণৰূপে জুইত জাহ যায় গুডামটোৰ এটা অংশ। ঘটনাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন আৰু লগে লগে আৰম্ভ হয় জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া। গুডামটোৰ মালিক জনৰ নাম আব্দুল আজিজ বুলি জানিব পৰা গৈছে। কিন্তু বৰ্তমানলৈকে জুইৰ সূত্ৰপাতৰ প্ৰকৃত কাৰণ স্পষ্ট হোৱা নাই।
What's Your Reaction?