কৃত্ৰিম বানৰ কবলত মহানগৰী গুৱাহাটী
আজি আবেলি অহা এজাক মূষলধাৰ বৰষুণে পুনৰ গুৱাহাটী মহানগৰীক মহাসাগৰলৈ ৰূপান্তৰ কৰিলে। গুৱাহাটীৰ কৃত্ৰিম বানৰ বাবে অতি চৰ্চিত নাম অনিলনগৰকে আদি কৰি হাতীগাঁও,গড়চুক, লখৰা, ৰুক্মিণী গাঁও, গণেশগুৰি আজি কৃত্ৰিম বানৰ কবলত। চাৰিওফালে হাহাকাৰ পৰিস্থিতি, তাৰ মাজতে ঘণ্টা ঘণ্টা জুৰি তীব্ৰ যানজঁটৰ বাবে আবদ্ধ বহু বিদ্যালয়ৰ শিক্ষাৰ্থী। মাত্ৰ এজাক বৰষুণতে আজি আকৌ পানীত মিলি গ'ল গুৱাহাটী চহৰৰ আভিজাত্য। এতিয়া বৰষুণ মানেই গুৱাহাটীত ভয়ংকৰ পৰিস্থিতি। ইতিমধ্যে কৃত্ৰিম বানৰ কবলত পৰি দুজনকৈ ব্যক্তিৰ মৃত্যুৰ খবৰে হাহাকাৰ লগাইছে। তাৰোপৰি যান-বাহনৰ ইঞ্জিন বিকল হৈ পৰিছে, চাৰিওফালে কেৱল পানী আৰু পানী, যাৰবাবে গুৱাহাটীবাসীয়ে হেৰুৱায় পেলাইছে দিকবিদিক। এই সমস্যাৰ অন্ত ক'ত তাৰ কিন্তু উত্তৰ কাৰো ওচৰতে নাই। সামাজিক মাধ্যম, গণ মাধ্যমসমূহে বাতৰি প্ৰকাশ কৰি চৰকাৰ প্ৰশাসনৰ পৰাও কিন্তু কৃত্ৰিম বানৰ ক্ষেত্ৰত আজিলৈকে একো সমাধানৰ পথ উলিয়াবলৈ সক্ষম হোৱা নাই।
What's Your Reaction?