অসমলৈ আহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Aug 28, 2025 - 11:50
Aug 28, 2025 - 22:54
 0  85
অসমলৈ আহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি অৰ্থাত ২৮ আগষ্ট বৃহস্পতিবাৰে সন্ধিয়া ৭.৩৫ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ'বহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । একাধিক কাৰ্যসূচী লৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে । গুৱাহাটীত উপস্থিত হৈয়ে তেওঁ পোন প্ৰথমে যাব অসম ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়লৈ। তাতেই কৰ্মকতাসকলৰ সৈতে এখন সভাত অংশ ল'ব যত তেওঁ অহা বছৰৰ বাবে নিৰ্ধাৰিত বিধানসভা নিৰ্বাচন সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰিব । নিশা ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তে আহাৰ গ্ৰহণ কৰিব । আহাৰ গ্ৰহণ কৰি তেওঁ‌ কইনাধৰাৰ ৰাজ্যিক অতিথিশালাতে নিশাটো কটাব আৰু ২৯ আগষ্টৰ পুৱা গুৱাহাটীত নৱ-নিৰ্মিত ৰাজভৱন উদ্ধোধন কৰিব । ২৯ আগষ্টতে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে খানাপাৰাত আয়োজিত পঞ্চায়ত প্ৰতিনিধিৰ সভাত অংশগ্ৰহণ কৰিব । বিয়লি ৪:৩০ বজাত কলাক্ষেত্ৰত আয়োজিত গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ শুভাৰম্ভণিত অংশগ্ৰহণ কৰি ২৯ আগষ্টৰ সন্ধিয়া দিল্লীলৈ ৰাওনা হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist