নিৰ্বাচন আয়োগে ঘোষণা কৰিলে বিটিচি নিৰ্বাচনৰ তাৰিখ
নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ। পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন হ'লে ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ’ব পুনৰ ভোটগ্ৰহণ।
অসম ৰাজ্যিক নিৰ্বাচন আয়োগে মঙলবাৰে ঘোষণা কৰে বিটিচি (বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদ) নিৰ্বাচনৰ তাৰিখ আৰু সূচী।
নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ। পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন হ'লে ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ’ব পুনৰ ভোটগ্ৰহণ। ভোটগ্ৰহণ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব। ভোটগণনা আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ২৬ ছেপ্টেম্বৰত। অন্যহাতে ভোটগণনা আৰম্ভ হ’ব পুৱা ৮ বজাত।
ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিটিচি নিৰ্বাচনত অংশগ্ৰহণ কৰিবলগীয়া মুঠ ভোটাৰৰ সংখ্যা ২৬,৫৭,৯২৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ১৩,২৩,৩৯৯ আৰু মহিলা ভোটাৰৰ সংখ্যা ১৩,৩৪,৫২১ গৰাকী। অন্যান্য ভোটাৰৰ সংখ্যা ১৭ গৰাকী।
মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ৩৩৫৯ টা। ৪০টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’ব এই নিৰ্বাচন। ইয়াৰে ৩০টা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত,
৫টা সমষ্টি সংৰক্ষিত অজনজাতীয় লোকৰ বাবে আৰু অন্য ৫টা সমষ্টি সকলো জনগোষ্ঠীয় লোকৰ বাবে মুকলি।
What's Your Reaction?