ফাদিল হ'ল ৰহস্য, আৰক্ষীৰ জালত মাষ্টাৰ মাইণ্ড

Jul 13, 2025 - 16:57
Jul 28, 2025 - 19:31
 0  110

 বিগত এটা মাহ ধৰি সৰ্বত্ৰে চৰ্চিত হৈ থকা অৰ্চিতা ফুকনৰ ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে তিনিচুকীয়াৰ এজন যুৱকক। যুৱকজনৰ নাম প্ৰাণ প্ৰতীম বৰা। সামাজিক মাধ্যমত অসমৰ অৰ্চিতা ফুকন আমেৰিকাৰ নীলা ছবিৰ নায়িকা বুলি অপপ্ৰচাৰ চলিছিল।

সামাজিক মাধ্যমত সমগ্ৰ বিষয়টোক লৈ সৰ্বত্ৰে চৰ্চা চলি থকাৰ মাজতে ডিব্ৰুগড় আৰক্ষীৰ কাষ চাপিছিল অৰ্চিতা ফুকন আৰু তেওঁৰ পৰিয়াল।‌ অৰ্চিতা ফুকনে ডিব্ৰুগড় সদৰ থানাত তেওঁৰ ফটো, মুখমণ্ডলৰ ফটো ব্যৱহাৰ কৰি কোনো লোকে অপপ্ৰচাৰ চলাইছে বুলি অভিযোগ কৰিছিল । ডিব্ৰুগড়ৰ বোৱাৰী অৰ্চিতা ফুকনৰ এজাহাৰ লাভ কৰাৰ পাছতেই ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ।

ঘটনা তদন্ত কৰি ডিব্ৰুগড় আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা আটক কৰি নিশাই ডিব্ৰুগড়ৰ সদৰ থানালৈ অনা হৈছে প্ৰাণ প্ৰতীম বৰা নামৰ চাইবাৰ অপৰাধীটোক‌। অৰ্চিতা ফুকনৰ ফটো ব্যৱহাৰ কৰি অপপ্ৰচাৰ চলাইছিল প্ৰতীম বৰাই । ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে অভিযুক্ত প্ৰতীম বৰাৰ পৰা ম'বাইল ফোন, লেপটপৰ লগতে আন বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰিছে।

জানিব পৰা মতে আমেৰিকাত নাথাকে অৰ্চিতা ফুকন । অৰ্চিতাৰ প্ৰাক্তন প্ৰেমিক আছিল আটকাধীন যুৱকজন। তেওঁ অৰ্চিতাৰ বিভিন্ন ফটোৰ মুখমণ্ডল আন যুৱতীৰ ফটোৰ সৈতে সংযুক্ত কৰি প্ৰযুক্তিবিদ্যাৰ সহায়ত তৈয়াৰ কৰিছিল সম্পাদিত ফটো।‌ অৰ্চিতা ফুকন আমেৰিকাৰ নীলা ছবিৰ নায়িকা বুলি ছ'চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল কৰা হৈছিল ফটো। কেৱল ব্যক্তিগত প্ৰতিশোধ পূৰণৰ বাবেই চাইবাৰ অপৰাধত লিপ্ত হৈছিল অভিযুক্ত প্ৰাণ প্ৰতীম বৰা। ডিব্ৰুগড় আৰক্ষীয়ে বিষয়টোক লৈ বৰ্তমানলৈ কোনো তথ্য আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা নাই। ডিব্ৰুগড় আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰা পাছত তদন্ত আগবঢ়াই নিলে সকলো কথা পোহৰলৈ আহিব। 

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Bobita Dutta Journalist