ক্ষমা নহয় দুখ প্ৰকাশহে কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই

Jun 29, 2025 - 02:00
Jun 30, 2025 - 23:47
 0  235

বিগত কেইবাদিনো ধৰি চলি থকা গীৰ গাই বিতৰ্ক সন্দৰ্ভত সাংবাদিকক অপমান কৰি অৱশেষত নিজৰ ভুল স্বীকাৰ কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । দিছপুৰৰ জনতা ভৱনত সম্বোধন কৰা সংবাদলেলত মন্ত্রীগৰাকীয়ে এটা সংবাদ গোষ্ঠীৰ মালিক আৰু মুখ্য সম্পাদকক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল । সেই সময়ছোৱাতে সেই সংবাদ গোষ্ঠীটোৰ এজন সাংবাদিকে প্ৰশ্নৰ অৱতাৰনা কৰাত মন্ত্রীগৰাকী অতিষ্ঠ হৈ সাংবাদিকজনক ‘‘তলৰ শ্ৰেণী’’ৰ বুলি কৈ অপমানিত কৰিছিল। ৰাজ্যজুৰি ঘটনাটোক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে শনিবাৰে সাংবাদিকসকলে প্ৰতিবাদো সাব্যস্ত কৰিছিল।

আনকি বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্রীগৰাকীৰ তেনে মন্তব্যৰ বাবে নিজে ক্ষমা খোজাৰ লগতে মন্ত্রীগৰাকীকো ক্ষমা খোজাৰ বাবে ক'ব বুলি সদৰী কৰিছিল । অৱশেষত মন্ত্রী জয়ন্ত মল্লবৰুৱাই নিজৰ মন্তব্যৰ বাবে সামাজিক মাধ্যমযোগে দুখ প্ৰকাশ কৰে যদিও সেই নিৰ্দ্দিষ্ট সংবাদ গোষ্ঠীটোৰ মুখ্য সম্পাদকগৰাকীৰ এটা ভিডিঅ'ও আপলোড কৰি সাংবাদিকসকলক উদ্দেশ্য কৰি মুখ্য সম্পাদকগৰাকীয়ে কৰা মন্তব্যৰ ভিডিঅ'টো চাই মন্ত্রী গৰাকীয়ে প্ৰশ্ন কৰে যে সেই মুখ্য সম্পাদকগৰাকীক প্ৰেছ ক্লাৱ অথবা সাংবাদিক সমাজে তেওঁ কৰা সেই মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ বাধ্য কৰাব পাৰিবনে ?

সামাজিক মাধ্যমযোগে আজি এটা পʼষ্টৰ জৰিয়তে সাংবাদিকক নক'বলগীয়া মন্তব্য কৰা বুলি স্বীকাৰ কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে সাংবাদিক সমাজক ভুল নুবুজিবলৈ অনুৰোধ জনায়।

 মন্ত্ৰী গৰাকীৰ সামাজিক মাধ্যমত প্ৰকাশ কৰা পʼষ্টটো সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ দুখ প্ৰকাশ কৰা আৰু ক্ষমা খোজাৰ মাজত যে যথেষ্ট পাৰ্থক্য আছে সেই সন্দৰ্ভতো বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Bobita Dutta Journalist