সেনা বাহিনীক ফ্ৰী হেণ্ড দিলে প্ৰধানমন্ত্ৰী মোডীয়ে
পেহেলগামৰ বৈছাৰণ ভেলীত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে ইয়াৰ প্ৰতিশোধ লোৱা দিনতো সমগ্ৰ দেশে অপেক্ষা কৰি আছে। ইয়াৰ মাজতে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, স্থল সেনাৰ মুৰব্বী উপেন্দ্ৰ দুভেদি, নৌ সেনাৰ মুৰব্বী দিনেশ কে ত্ৰিপাঠী আৰু বায়ু সেনাৰ মুৰব্বী অমৰপ্ৰীত সিং। লগতে প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানো উপস্থিত থাকে। খবৰ অনুসৰি বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে সেনাবাহিনীৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি তেওঁলোকক প্ৰতিশোধ লোৱাৰ বাবে পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছে। এই উদ্দেশ্যে সেনা বাহিনীয়েই গ্ৰহণ কৰিব সঠিক সময়, দিন আৰু তাৰিখৰ সিদ্ধান্ত। স্থল সেনা, নৌ সেনা আৰু বায়ু সেনা এই ত্ৰিশক্তিৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি এই সিদ্ধান্ত প্ৰধানমন্ত্ৰীৰ। প্ৰায় ডেৰ ঘণ্টা ধৰি অনুষ্ঠিত হোৱা এই বৈঠকৰ পাছত এতিয়া যিকোনো মুহূৰ্ততে দেশৰ সিপাৰৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীৰ এই সিদ্ধান্তত সেনাপ্ৰধান সকলৰ মনোবল তথা উৎসাহ দুগুণ বৃদ্ধি পায়।
পেহেলগামত ২২ এপ্ৰিলত ২৬ জন নিৰিহ নাগৰিকৰ প্ৰাণ হেৰুওৱা এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই বৈঠকখন অনুষ্ঠিত হৈছে আৰু পাকিস্তানে সমৰ্থন কৰা সন্ত্ৰাসবাদীক দায়ী কৰা হৈছে। এই ঘটনাটো সংঘটিত হোৱাৰ পাছৰে পৰা এই পৰ্যন্ত কাশ্মীৰত অভিযান অব্যাহত আছে যদিও আক্ৰমণৰ মূল অভিযুক্তক এতিয়া গ্ৰেপ্তাৰ বা নিধন কৰিব পৰা নাই।
২০১৬ চনত, উৰি সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে নিয়ন্ত্ৰণ ৰেখাৰ ওপৰেৰে চাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল। পুনৰ ২০১৯ চনত, পুলৱামা আক্ৰমণত ৪০ জন চিআৰপিএফ জোৱান নিহত হৈছিল যাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বায়ু সেনাই বালাকোটত বিমান আক্ৰমণ চলাইছিল।
২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত আটাইতকৈ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয় পহেলগামত। ইয়াৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ সৈতে সিন্ধু জল চুক্তি স্থগিত ৰখাকে ধৰি কেইবাটাও ব্যৱস্থা ঘোষণা কৰে ভাৰতে। ইফালে, পাকিস্তানেও চিমলা চুক্তি স্থগিত ৰাখিছে আৰু ভাৰতক ইয়াৰ আকাশসীমাত নিষিদ্ধ কৰিছে।
What's Your Reaction?