খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে দিয়া হ’ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ

May 29, 2025 - 17:40
Jun 4, 2025 - 17:41
 0  3
খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে দিয়া হ’ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ

সংবাদমেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে নিজৰ সুৰক্ষাৰ বাবে সংখ্যালঘূ অঞ্চলত বাস কৰা কোনো খিলঞ্জীয়া লোকে বন্দুক কিনিব বিচাৰিলে চৰকাৰে তেওঁলোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব।  

           খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ধুবুৰী, নগাঁও, মৰিগাও, দক্ষিণ শালমাৰা, বৰপেটা আদি অঞ্চলত বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা সকলক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰৰ কেবিনেট বৈঠকত। লগতে তেওঁ‌ কয় যে চৰকাৰে বন্দুক কিনি নিদিয়ে কিন্তু উল্লেখীত অঞ্চলৰ লোকে আবেদন কৰি লাইচেঞ্চ লাভ কৰিব পাৰিব।

           মুখ্যমন্ত্ৰীয়ে কয়, আগতে কোনো চৰকাৰে সাহস কৰা নাছিল৷ জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰে অসমীয়াৰ সুৰক্ষাৰ বাবে কাম কৰিব৷ ধিং-ৰূপহী, মংগলদৈৰ দৰে অঞ্চলৰ খিলঞ্জীয়া ৰাইজে আবেদন কৰিব পাৰিব৷ সংবেদনশীল আৰু ভিতৰুৱা অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকে আবেদন কৰিব পাৰিব। কিন্তু অপৰাধমূলক কাৰ্যত লিপ্ত লোকে নাপাব এই লাইচেঞ্চ৷

          মূখ্যমন্ত্ৰীজনে আৰু কয় যে আজিৰ সীমান্তত চলি থকা পৰিস্থিতিৰ বাবে আমি এই সিদ্ধান্ত ল’বলৈ বাধ্য হ’লো৷ খিলঞ্জীয়া ৰাইজে বহু আগৰেই পৰা বন্দুকৰ অনুজ্ঞাপত্ৰ বিচাৰি আছিল।

অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত জিলা আয়ুক্তসকলে বন্দুকৰ  SOP জাৰি কৰিব আৰু এয়া আজিৰে পৰা কাৰ্যকৰী হ’ব বুলি তেখেতে উল্লেখ কৰে।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist