পুনৰ কৃত্ৰিম বানত ডুবিল গুৱাহাটী মহানগৰ

পুনৰ কৃত্ৰিম বানৰ কবলত মহানগৰবাসী। ৰাতিপুৱাৰ এজাক বৰষুণতে মহানগৰীৰ বিভিন্ন অঞ্চল জলমগ্ন। পুৱাৰে পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত সাগৰ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে ৰাজপথৰ লগতে পদপথো।
অনিল নগৰ, নবীন নগৰ, ৰুকমিণী গাওঁ, ৰুকমিণী নগৰ, চানমাৰি, কাহিলীপাৰা, হাতীগাঁওকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত। কৃত্ৰিম বানৰ ফলস্বৰূপে দুৰ্দশা ভুগিবলগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰী তথা কৰ্মস্থলীলৈ ওলাই যোৱা লোকসকলে। অন্যহাতে বতৰ বিজ্ঞান বিভাগেও ৰাজ্যত ২-৩ দিন ধৰি নেৰা নেপেৰা বৰষুণ হ'ব বুলি সতৰ্কবাণী জাৰি কৰিছে ।
What's Your Reaction?






