নৃত্যাচাৰ্য যতীন গোস্বামীলৈ পদ্মভূষণ বঁটা
সত্ৰীয়া নৃত্যৰ খ্যাতনামা শিল্পী নৃত্যাচাৰ্য যতীন গোস্বামীক ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে মঙলবাৰে পদ্মভূষণ বটাঁ প্ৰদান কৰে।
তেওঁ ১৯৩৩ চনৰ ২ আগষ্টত গোলাঘাট জিলাৰ দেৰগাঁও দাধৰাৰ আধাৰ সত্ৰত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃৰ নাম আছিল প্ৰয়াত ধৰণীধৰ দেৱ গোস্বামী আৰু মাতৃ প্ৰয়াত চন্দ্ৰপ্ৰভা দেৱী। গোস্বামীদেৱৰ পিতৃ আছিল এগৰাকী সত্ৰীয়া সংগীতৰ প্ৰতিষ্ঠিত শিল্পী ।
ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত অন্যতম সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গুৰু যতীন গোস্বামী বিশেষভাৱে জনাজাত। তেখেত গুৱাহাটীত অৱস্থিত সত্ৰীয়া একাডেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক আৰু বৰ্তমান উপদেষ্টা মণ্ডলীৰ সদস্যও হয়। ইয়াৰোপৰি তেখেত সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদৰ প্ৰাক্তন সদস্য আছিল। যতীন গোস্বামীয়ে আলোক শিল্পী সংঘ নামৰ নৃত্য একাডেমী আৰু প্ৰাগজ্যোতি কলা পৰিষদ নামৰ সংস্কৃতিক সংস্থাৰ প্ৰতিষ্ঠা কৰিছিল। তেখেত সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত সংগীত নাটক একাডেমী বঁটা, ২০০৮ চনত ভাৰত চৰকাৰে তেখেতক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বটাঁও প্ৰদান কৰে। ২০১৯ চনত সংগীত নাটক একাডেমীয়ে গুৰু যতীন গোস্বামীক ২০১৮ চনৰ বাবে একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেল'শ্বিপ বা সদস্য ৰত্ন প্ৰদান কৰে। মহেশ্বৰ নেওগ আৰু ভূপেন হাজৰিকা দেৱৰ পিছত এই সন্মান লাভ কৰা তেখেত তৃতীয়গৰাকী অসমীয়া। ২০২৫ বৰ্ষত যতীন গোস্বামীয়ে পদ্মভূষণ বঁটা লাভ কৰে।
What's Your Reaction?