সমগ্ৰ দেশ তথা বিশ্বতে পুনৰ বিয়পিব ধৰিছে ক'ৰোনা ভাইৰাছ

May 26, 2025 - 22:53
May 26, 2025 - 23:08
 0  2
সমগ্ৰ দেশ তথা বিশ্বতে পুনৰ বিয়পিব ধৰিছে ক'ৰোনা ভাইৰাছ

২০২০ চনৰ পৰা সমগ্ৰ বিশ্বতে লাখ লাখ লোকৰ প্ৰাণ হেৰুওৱাইছে কৰোনা ভাইৰাছৰ সংক্ৰামনে।

আকৌ এবাৰ ক'ৰোনা ভাইৰাছ বিয়পিবলৈ আৰম্ভ কৰিছে ৷ এছিয়াৰ বহু ঠাইত ক’ৰোনাৰ এক নতুন সংক্ৰমণ বিয়পি পৰিছে ৷ বিগত কেইসপ্তাহমানৰ পৰা ছিংগাপুৰ আৰু হংকঙত Covid-19 আক্ৰান্তৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি হৈছে। দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত কোৰোনাৰ JN.1 ভেৰিয়েন্টত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।

          দেশৰ কেন্দ্ৰীয় কোভিড-19 ডেশ্ব ব'ৰ্ড অনুসৰি সমগ্ৰ দেশত মুঠ সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ১,০০৯ টা। কৰোনা ভাইৰাছৰ ৰোগী সক্ৰিয় হৈ থকা শীৰ্ষত আছে কেৰেলা। কেৰালাত ৪৩০ টা, দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ আৰু ইয়াত ২০৯ টা সক্ৰিয় ৰোগী। দিল্লীত সক্ৰিয় ৰোগীৰ সংখ্যা হ'ল ১০৮ টা, গুজৰাটত ৮৩টা, কৰ্ণাটকত ৪৭টা, উত্তৰ প্ৰদেশত ১৫টা আৰু পশ্চিম বংগত ১২টা সক্ৰিয় ৰোগীৰ সংখ্যা বুলি জানিব পৰা গৈছে । মহাৰাষ্ট্ৰৰ চাৰিজন, কেৰালাৰ দুজন আৰু কৰ্ণাটকৰ এজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

          আন্দামান আৰু নিকোবৰ, অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰৰ পৰা কোনো Covid-19 ৰ সক্ৰিয় ঘটনা দেখিবলৈ পোৱা নাই ।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist