কেদাৰনাথত মেৰামতিৰ বাবে নিয়া হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্থ: কোনো হতাহত হোৱাৰ খবৰ পোৱা নাই

মেৰামতিৰ বাবে নিয়া এখন হেলিকপ্টাৰ ভাৰতীয় বায়ু সেনাৰ এম.আই.-১৭(MI-17)হেলিকপ্টাৰৰ পৰা সংযোগ বিচ্ছিন্ন  হোৱাৰ ফলত কেদাৰনাথ ধামৰ ওচৰৰ মান্দাকিনী নদীত দুৰ্ঘটনাগ্ৰস্ত হয়।

Aug 31, 2024 - 17:17
Aug 31, 2024 - 18:06
 0  5
কেদাৰনাথত মেৰামতিৰ বাবে নিয়া হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্থ: কোনো হতাহত হোৱাৰ খবৰ পোৱা নাই

মেৰামতিৰ বাবে নিয়া এখন হেলিকপ্টাৰ ভাৰতীয় বায়ু সেনাৰ এম.আই.-১৭(MI-17)হেলিকপ্টাৰৰ পৰা সংযোগ বিচ্ছিন্ন  হোৱাৰ ফলত কেদাৰনাথ ধামৰ ওচৰৰ মান্দাকিনী নদীত দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন মেৰামতিৰ বাবে গৌচৰ এয়াৰষ্ট্ৰিপলৈ লৈ যোৱা হৈছিল। জানিব পৰা মতে এই হেলিকপ্তাৰখন এটা ব্যক্তিগত কোম্পানীৰ আছিল আৰু তীৰ্থযাত্ৰীসকলক নিয়মীয়াকৈ কেদাৰনাথ মন্দিৰলৈ লৈ যোৱাত নিয়োজিত আছিল। কাৰিকৰী বিজুতিৰ বাবে হেলিকপ্টাৰে ২৪ মে, ২০২৪ তাৰিখে জৰুৰী অৱতৰণ কৰিছিল। পৰিকল্পনা অনুসৰি, ক্ষতিগ্ৰস্ত হেলিকপ্টাৰখন এম.আই.-১৭ হেলিকপ্টাৰেৰে মেৰামতিৰ বাবে গৌচৰ এয়াৰষ্ট্ৰিপলৈ বিমানেৰে লৈ যোৱা হৈছিল।

              জিলা পৰ্যটন বিষয়া ৰাহুল চৌবেয়ে কয়, এখন এম.আই.-১৭ বিমানৰ সহায়ত হেলিকপ্টাৰখন গৌচৰ এয়াৰষ্ট্ৰিপলৈ স্থানান্তৰ কৰিবলৈ লৈ যোৱা হৈছিল। কঢ়িয়াই লৈ যোৱা সময়ত এম.আই.-১৭য়ে হেলিকপ্টাৰখনে প্ৰতিকূল বতৰৰ বাবে ভাৰসাম্য হেৰুৱাই পেলাইছিল। সুখৰ কথা এইটোৱেই যে সেই সময়ত কোনো যাত্ৰী বা লাগেজ নাছিল। এছ.দি.আৰ.এফৰ(SDRF) দল ঘটনাস্থলীত শীঘ্ৰেই উপস্থিত হয় আৰু উদ্ধাৰ অভিযান চলাই।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist