১ জুলাইৰ পৰা বৃদ্ধি হ'ব ৰে'লৰ ভাড়া

Jun 25, 2025 - 11:47
Jun 25, 2025 - 22:57
 0  98
১ জুলাইৰ পৰা বৃদ্ধি হ'ব ৰে'লৰ ভাড়া

ভাৰতীয় ৰেলৱে কৰ্তিপক্ষই জনোৱা ম'তে ১ জুলাই, ২০২৫ -ৰ পৰা ইয়াৰ কাৰ্যকৰী হ'ব। ৰেলৰ ভাড়া নন এচি ডবাত প্ৰতি কিলোমিটাৰত ১পইচা আৰু এ চি ডবাত প্ৰতিকিলোমিটাৰত ২ পইচাকৈ বৃদ্ধি কৰা হ'ব । মন কৰিবলগীয়া যে, দ্বিতীয় শ্ৰেণীৰ ডবাত ৫০০ কিলোমিটাৰ পৰ্যন্ত কোনো ভাড়া বৃদ্ধি কৰা নহয় । কিন্তু ৫০০ কিলোমিটাৰতকৈ বেছি হ'লে প্ৰতিকিলোমিটাৰ আধা পইচাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰেলৱেই। ইয়াৰ উপৰিও, মাহিলী চিজন টিকটত কোনো বৃদ্ধি নহ'ব।

          এইটো মন কৰিবলগীয়া যে উপনগৰীয় টিকট আৰু ৫০০ কিলোমিটাৰ ভ্ৰমণৰ বাবে দ্বিতীয় শ্ৰেণীৰ ভ্ৰমণৰ বাবে ভাড়া বৃদ্ধি নহ'ব। ৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্বৰ বাবে, বৃদ্ধি প্ৰতি কিলোমিটাৰত আধা পইচা হ'ব। উল্লেখযোগ্য যে ৰে'লৰ ভাড়া শেষবাৰৰ বাবে ১ জানুৱাৰী, ২০২০ ত বৃদ্ধি কৰা হৈছিল ।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist