১৭ জানুৱাৰীত ISRO ৰ মূৰব্বী তথা অধ্যক্ষ্য ড° শ্ৰীধৰ পানিকৰ সোমনাথ অসমলৈ আহিব
চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ কৰোৱা বিজ্ঞানী দলৰ প্ৰমুখ ড° শ্ৰীধৰ পানিকৰ সোমনাথ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ মৰ্মে গুৱাহাটীত পদাৰ্পণ কৰিব।
চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণ কৰোৱা বিজ্ঞানী দলৰ প্ৰমুখ ড° শ্ৰীধৰ পানিকৰ সোমনাথ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ মৰ্মে গুৱাহাটীত পদাৰ্পণ কৰিব। উল্লেখযোগ্য যে অহা ১৭ জানুৱাৰীত প্ৰগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে এক সম্বৰ্ধনা আৰু ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় অনুস্থান আয়োজন কৰে আৰু তাতেই তেওঁ অংশগ্ৰহণ কৰিব ।
শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ দ্বাৰা স্থাপিত আৰু ২০২৩ বৰ্ষৰ পৰা স্নাতক শ্ৰেণীৰে শিক্ষাৰম্ভ কৰা প্ৰাকজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে ২০২৪-২৫ বৰ্ষৰ পৰা নিৰ্ধাৰিত সকলো বিষয়তে স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি পাথ্যক্ৰমৰ ব্যৱস্থা কৰা হৈচে।
What's Your Reaction?