ওদালগুৰিৰ জঘন্য কাণ্ডই জোঁকাৰি গৈছে ৰাজ্য
ওদালগুৰিৰ ঘাগ্ৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যা কাণ্ড। এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। আব্দুল আচিক নামৰ এজন যুৱকৰ বিৰুদ্ধে এই ঘটনাৰ অভিযোগ।
ওদালগুৰিৰ ঘাগ্ৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যা কাণ্ড। এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ এক ঘটনা পোহৰলৈ আহিছে। আব্দুল আচিক নামৰ এজন যুৱকৰ বিৰুদ্ধে এই ঘটনাৰ অভিযোগ। জানিব পৰা মতে, এটা ইটাভাটাৰ মালিকে নিজেই আনে এই অভিযোগ। তেওঁৰ ইটাভাটাতে মেনেজাৰ হিচাপে কাম কৰা আব্দুল আচিক নামৰ যুৱকজনে ইটাভাটাটোতে কাম কৰা এজন শ্ৰমিকৰ ১৯ বছৰীয়া যুৱতীক হত্যা কৰা বুলি হৰিশিঙা আৰক্ষী চকীত গোচৰ ৰুজো কৰে। লগে লগে আৰক্ষীয়ে অভিযান চলাই আৰু এখন নদীৰ কাষৰ এখন হাবিত উদ্ধাৰ কৰে মৃতদেহটো। লগে লগে মৃতদেহটো পোষ্টমৰ্টেমৰ বাবে পঠিয়াই দিয়া হয়। আব্দুল আচিক নামৰ যুৱকজনৰ লগত অবৈধ সম্পৰ্ক আছিল যুৱতীগৰাকীৰ। আৰক্ষীৰ জেৰাত ব্যক্তিগত মতানৈক্যৰ বাবেই ঘটনাটো সংঘটিত হোৱা বুলি স্বীকাৰ কৰে লম্পট হত্যাকাৰী আব্দুল আচিকে। বৰ্তমান আৰক্ষীৰ জিম্মাতে আছে হত্যাকাৰী আব্দুল আচিক।
What's Your Reaction?