আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ

পেট্ৰ'ল পাম্পত সংঘটিত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ হ'ব লগা হ'ল শংকৰজ্যোতি বৰুৱা। বলপূৰ্বকভাৱে পেট্ৰ’ল পাম্প দখল কৰাৰ অভিযোগ উত্থাপন হৈছে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে।
দেওবাৰে নিশা ডিব্ৰুগড় আৰক্ষীয়ে দুলীয়াজানৰ ঘৰৰ পৰা বৰুৱাক আটক কৰিছিল। তাৰ পাছতে আৰক্ষীয়ে ১০টাকৈ ধাৰাত গোচৰ ৰুজু কৰি সোমবাৰে গ্ৰেপ্তাৰ কৰে তেওঁক।
শনিবাৰে দুলীয়াজান আৰক্ষী থানাত কাষতে অৱস্থিত বি.এন.সিঙ পেট্ৰ’ল পাম্প চাৰ্ভিচ ষ্টেচনত তিনিটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাত পে’ট্ৰল পাম্পটোৰ কৰ্মচাৰী তানু চাহি,নৱজিৎ চাহি,ৰাজ সিং আৰু অজয় যাদৱ আহত হৈছিল। এই সমগ্ৰ ঘটনাত নাম সাঙোৰ খাইছে শংকৰজ্যোতি বৰুৱাৰ। অভিযোগ অনুসৰি শংকৰ জ্যোতি বৰুৱাই এই মাৰপিটৰ ঘটনা সংঘটিত কৰিছিল। বৰুৱাই উল্লেখ কৰে যে, তেওঁ মাৰপিটৰ ঘটনাত জড়িত নাছিল । তেওঁ কেৱল কাজিয়া ভাঙিবলৈহে গৈছিল। কিন্তু আৰক্ষীয়ে জেৰা কৰাৰ অন্তত আজি তেওঁ গ্ৰেপ্তাৰ হয়।
দুলীয়াজান থানাত ৯০/২৫ নম্বৰৰ ৰুজু হোৱা গোচৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংসিতাৰ অধীনত আৰক্ষীয়ে ১৯৬(১)(A) /১৯৬(১) (B)/১৯৭(১) (B) /১৯৭(১) (C)/১৯৭(১) (D) / ৩(৫) / ৩৫২/ ৩৫৩(২) (B) /৩৫৩(১) (C) / ৩৫৩(২) ধাৰাসমূহ আৰোপ কৰি আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনক গ্ৰেপ্তাৰ কৰিছে ৷
এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
What's Your Reaction?






