অসমৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতিয়া বাঘৰ আক্ৰমণত নিহত হয় বনৰক্ষী
বুধবাৰে গধূলী প্ৰায় ৫:৩০ মান বজাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ আক্ৰমণত এজন বনৰক্ষীৰ মৃত্যু হয়। জানিব পৰা মতে তেখেতৰ নাম ধনমণি ডেকা আৰু ঘৰ মংলদৈত।
বুধবাৰে গধূলী প্ৰায় ৫:৩০ মান বজাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ আক্ৰমণত এজন বনৰক্ষীৰ মৃত্যু হয়। জানিব পৰা মতে তেখেতৰ নাম ধনমণি ডেকা আৰু ঘৰ মংলদৈত।
ধনমণি ডেকা নামৰ মৃত গৃহৰক্ষীজনে উদ্যানখনৰ চিলবোৰি ৰেঞ্জৰ অন্তৰ্গত বিলপাৰ বন শিবিৰত কৰ্মৰত হৈ আছিল । যেতিয়া তেওক বাঘটোৱে আক্ৰমন কৰে তেতিয়া তেও এজন মাহুতৰ লগত খোজকাঢ়ি টহল দি আছিল। বাঘটোৱে পিছফালৰ পৰা তেওঁৰ ওপৰত জপিয়াই পৰি তেওঁৰ ডিঙিত কামুৰি ঘন অৰণ্যলৈ টানি নিছিল। যদিও ডেকাৰ আগত আগবাঢ়ি থকা মাহুত শ্বাহদুল হকে আক্ৰমণৰ পিছত ৰাইফলেৰে গুলী চালনা কৰে লগতে তেওঁক উদ্ধাৰ কৰিবলৈ প্ৰয়াস কৰিছিল তথাপিও বাঘৰ কবলৰ পৰা মুক্ত কৰিবলৈ তেওঁ ব্যৰ্থ্য হৈছিল । বাঘটোৱে ডেকাক চুচৰি ঘন জংঘলৰ মাজলৈ লৈ যায়। অৱশেষত বুধবাৰে নিশা ঠাইখনৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত্বত তেওঁৰ মৃতদেহটো উদ্ধাৰ কৰা হৈছিল।
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ' (মঙ্গলদৈ বন্যপ্ৰাণী বিভাগ) তথা-সঞ্চালক প্ৰদীপ্তা বৰুৱাই কয়, "এয়া এক বিৰল আৰু দুৰ্ভাগ্যজনক ঘটনা। বাঘটোৱে তেওঁক আক্ৰমণ কৰাৰ কাৰণ এতিয়াও স্পষ্ট নহয় আৰু হত্যাকাৰী বাঘটোও এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই যদিও পাগ চিহ্নবিলাক বিচাৰি উলিওৱাৰ প্ৰচেষ্টা চলি আছে।"
বৃহস্পতিবাৰে ডেকাৰ মৃতদেহটো মঙ্গলদৈত থকা তেওঁৰ ঘৰলৈ লৈ যোৱা হৈছিল আৰু তেতিয়া তেওঁৰ পৰিয়ালৰ সদস্যসকলে উদ্যানখনত বনৰক্ষীসকলৰ সুৰক্ষাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁলোকে মুখ্যমন্ত্ৰীক সহায়ৰ বাবে আহ্বান জনাইছিল কিয়নো ডেকা পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল।
What's Your Reaction?