২-৩ দিনলৈ ৰাজ্যত হ’ব প্ৰবল বৃষ্টিপাত

১৩ খন জিলাত য়ালো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। বিগত কেইবাদিনোধৰি অসমৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হৈ থকা দেখা গৈছে।

May 20, 2025 - 05:20
May 20, 2025 - 22:30
 0  2
২-৩ দিনলৈ ৰাজ্যত হ’ব প্ৰবল বৃষ্টিপাত

১৩ খন জিলাত য়ালো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। বিগত কেইবাদিনোধৰি অসমৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হৈ থকা দেখা গৈছে। গুৱাহাটীতো বিগত কিছুদিন ধৰি হৈ আছে ধাৰাসাৰ বৰষুণ। ধাৰাসাৰ বৰষুণৰ ফলত আজিও মহানগৰীৰ কেইবাটাও স্থানত কৃত্ৰিম বানৰ সমস্যাই দেখা দিয়ে।

          অহা ২-৩ দিনলৈ ৰাজ্যত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান কেন্দ্ৰই এই তথ্য জাৰি কৰিছে। মহানগৰ প্ৰশাসনৰো গুৱাহাটীবাসীক সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু লগতে জলমগ্ন স্থানত গাড়ীৰ গতিবেগ নিয়ন্ত্ৰণ কৰিবলৈও আহ্বান জনাইছে । ঠাই বিশেষে ভূমিস্খলন হোৱাৰো সম্ভাৱনা আছে। 

         বতৰ বিজ্ঞানে য়ালো এলাৰ্ট(Yellow Alert) জাৰি কৰা জিলা কেইখন হ'ল- দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, গোৱালপাৰা, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ (ম), ডিমা হাচাও, কাছাৰ , শ্ৰীভূমি আৰু হাইলাকান্দি জিলা।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist