এনকাউণ্টাৰত নিহত হয় ভাৰতৰ উইং কমাণ্ডাৰ অভিনন্দনক বন্দী কৰা পাকিস্তান সেনাৰ মেজৰ

উইং কমাণ্ডাৰ অভিনন্দনক বন্দী কৰাৰ দাবী কৰা মইজ আব্বাছ শ্বাহে পাকিস্তান সেনাত মেজৰ পদবীত নিয়োজিত আছিল । মঙলবাৰে দক্ষিণ ৱাজিৰিষ্টানত তেহৰিক-ই-তালিবান গোটৰ গুলীবৰ্শনত তেওঁ আৰু আন এজন সৈনিক নিহত হয়। 

Jun 25, 2025 - 14:49
Jun 25, 2025 - 22:59
 0  73
এনকাউণ্টাৰত নিহত হয় ভাৰতৰ উইং কমাণ্ডাৰ অভিনন্দনক বন্দী কৰা পাকিস্তান সেনাৰ মেজৰ

উইং কমাণ্ডাৰ অভিনন্দনক বন্দী কৰাৰ দাবী কৰা মইজ আব্বাছ শ্বাহে পাকিস্তান সেনাত মেজৰ পদবীত নিয়োজিত আছিল । মঙলবাৰে দক্ষিণ ৱাজিৰিষ্টানত তেহৰিক-ই-তালিবান গোটৰ গুলীবৰ্শনত তেওঁ আৰু আন এজন সৈনিক নিহত হয়। 

          উল্লেখযোগ্য যে ২০১৯ চনত মেজৰ মইজ আব্বাছ শ্বাহে উইং কমাণ্ডাৰ অভিনন্দনক বন্দী কৰা বুলি দাবী কৰিছিল।

           চকৱালৰ বাসিন্দা আৰু সেনাৰ অভিজাত বিশেষ সেৱা গোটৰ (এছএছজি) সদস্য মেজৰ মইজ আব্বাছৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ নেতৃত্ব দিয়াৰ সময়ত মৃত্যু হয়। গুলীবৰ্শত আন এজন সৈনিক লেন্স নায়েক জিব্ৰানুল্লাহও নিহত হোৱা বুলি পাকিস্তানী সেনাই নিশ্চিত কৰিছে ।

          মইজৰ মৃত্যুত ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰী আৰু প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে শোক প্ৰকাশ কৰিছে । 

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist