ম্যানমাৰৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা সংখ্যা ২,৭০০ অতিক্ৰম কৰিলে

ম্যানমাৰত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পত নিহতৰ সংখ্যা ২,৭০০ ৰো অধিক জনলৈ বৃদ্ধি পাইছে, প্ৰায় ৪,৫২১ জন লোক আহত হৈছে আৰু ৪৪১ জন এতিয়াও সন্ধানহীন হৈ আছে বুলি দেশখনৰ প্ৰধানমন্ত্ৰী মিন অং হ্লাইঙে কয়।

Apr 2, 2025 - 03:40
Apr 2, 2025 - 21:46
 0  2
ম্যানমাৰৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা সংখ্যা ২,৭০০ অতিক্ৰম কৰিলে

ম্যানমাৰত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পত নিহতৰ সংখ্যা ২,৭০০ ৰো অধিক জনলৈ বৃদ্ধি পাইছে, প্ৰায় ৪,৫২১ জন লোক আহত হৈছে আৰু ৪৪১ জন এতিয়াও সন্ধানহীন হৈ আছে বুলি দেশখনৰ প্ৰধানমন্ত্ৰী মিন অং হ্লাইঙে কয়। অন্যহাতে ম্যানমাৰৰ জান্তাৰ মুৰব্বী অং হ্লাইঙে জাতিগত সশস্ত্ৰ সংগঠনৰ (ইএঅ') পৰা যুদ্ধবিৰতিৰ প্ৰস্তাৱ নাকচ কৰে আৰু সামৰিক অভিযান অব্যাহত ৰখাৰ কথা ঘোষণা কৰে। এই পদক্ষেপে প্ৰত্যক্ষভাৱে মানৱীয় প্ৰচেষ্টাক প্ৰভাৱিত কৰে যিহেতু বিধ্বংসী ভূমিকম্পৰ ফলত হতাহতৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে।  ম্যানমাৰৰ ডব্লিউ.এইচ.ও.(WHO)-ৰ উপ-মুৰব্বী এলিনা ভুওলোৱে এই পৰিস্থিতিক "সংকটৰ ভিতৰত এক সংকট" বুলি বৰ্ণনা কৰি কয় যে চলিত নিষেধাজ্ঞাৰ প্ৰতিবেদন থকা স্বত্বেও সাহায্যৰ অনুমতি দিয়া হৈছে।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist