লস্কৰ-ই-তৈবাৰ শীৰ্ষ কমাণ্ডৰ ৰাজাউল্লাহ নিজামানী ওৰফে ছাইফুল্লাহ খালিদক গুলীয়াই হত্যা

লস্কৰ ই তৈবাৰ এজন গুৰুত্বপূৰ্ণ সন্ত্ৰাসবাদী ৰাজউল্লাহ নিজামানী ওৰফে আবু ছাইফুল্লাহক পাকিস্তানৰ সিন্ধুত গুলীয়াই হত্যা কৰা হৈছে। সিন্ধ প্ৰদেশৰ মাটলী চহৰৰ ফালকাৰা চ’কৰ সমীপত তেওঁ ঘৰৰ পৰা ওলাই অহাৰ সময়তে দুৰ্বৃত্তই গুলীয়াই থিতাতে হত্যা কৰে।
ছাইফুল্লাহ খালিন মালন অঞ্চলৰ বাসিন্দা আছিল। তেওঁ দীৰ্ঘদিন ধৰি কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আহিছে। কাশ্মীৰ জেহাদৰ পৰা উভতি লস্কৰ-ই-তৈবাই তেওঁক গাজী আবু ছাইফুল্লাহ উপাধি প্ৰদান কৰিছিল। অৱশ্যে শেহতীয়াকৈ সন্ত্ৰাসবাদী সংগঠনটোৱে তেওঁক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। তেওঁক নিৰাপত্তাৰ মাজত ৰখা হৈছিল যদিও ঘৰৰ পৰা ওলাই অহাৰ সময়ত দুৰ্বৃত্তই মূৰ আৰু বুকুত দুটাকৈ গুলী মাৰে।
উল্লেখযোগ্য যে ২০০৬ চনত নাগপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) মুখ্য কাৰ্যালয়ত হোৱা আক্ৰমণত জড়িত আছিল চৈফুল্লা। ২০০৫ চনত বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সত হোৱা আক্ৰমণ আৰু ২০০১ চনত ৰামপুৰৰ চিআৰপিএফ শিবিৰত সন্ত্ৰাসবাদী আক্ৰমণতো চৈফুল্লা জড়িত আছিল। চৈফুল্লা লস্কৰৰ অপাৰেশ্যনেল কমাণ্ডাৰ আজম চিমা ওৰফে বাবাজীৰ সহযোগী আছিল।
What's Your Reaction?






