ডেমক্ৰেটিক ৰিপাব্লিক অৱ দ্য কঙ্গোত (DRC) মাঙ্কিপক্সত (Monkeypox) ৬১০ জনৰ মৃত্যু
ডেমক্ৰেটিক ৰিপাব্লিক অৱ দ্য কঙ্গোৰ (Democratic Republic of the Congo)স্বাস্থ্য মন্ত্ৰী ৰজাৰ কাম্বায়ে কয় যে মাঙ্কিপক্সৰ (Monkeypox) ফলত কমেও ৬১০ জন লোকৰ মৃত্যু হৈছে ।
ডেমক্ৰেটিক ৰিপাব্লিক অৱ দ্য কঙ্গোৰ (Democratic Republic of the Congo)স্বাস্থ্য মন্ত্ৰী ৰজাৰ কাম্বায়ে কয় যে মাঙ্কিপক্সৰ (Monkeypox) ফলত কমেও ৬১০ জন লোকৰ মৃত্যু হৈছে । ছিনহুয়া সংবাদ সংস্থাই জনোৱা অনুসৰি মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক সুৰক্ষামূলক ব্যৱস্থা পালন কৰিবলৈ আহ্বান জনায়, বিশেষকৈ ছেপ্টেম্বৰত আগন্তুক বিদ্যালয় বৰ্ষৰ আৰম্ভণিতে ভেকছিন উপলব্ধ হোৱাৰ লগে লগে টিকাকৰণ কৰাবলৈ আহ্বান জনায়। দেশখনে এতিয়ালৈকে ১৭,৮০১ টা সন্দেহজনক ঘটনাৰ প্ৰতিবেদন দিছে।
সোমবাৰে, বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্ব, ৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ত সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে মানুহৰ পৰা স্মলপক্সৰ সংক্ৰমণ সমাপ্ত কৰাৰ বাবে এক গোলকীয় কৌশলগত প্ৰস্তুতি আৰু সঁহাৰি আঁচনি আৰম্ভ কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে কয়, "ডিআৰচি(Democratic Republic of the Congo) আৰু চুবুৰীয়া দেশবোৰত মাঙ্কিপক্সৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰিব পাৰি আৰু ইয়াক বন্ধ কৰিবও পাৰি।
What's Your Reaction?