পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা

৩৩ বছৰীয়া ট্ৰেভেল ভ্লগাৰ জ্যোতি মালহোত্ৰা হাৰিয়ানাৰ হিছাৰৰ বাসিন্দা। চিভিল লাইনছ আৰক্ষীয়ে পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত মালহোত্ৰাক গ্ৰেপ্তাৰ কৰে।

May 18, 2025 - 14:44
May 20, 2025 - 19:22
 0  2
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা

৩৩ বছৰীয়া ট্ৰেভেল ভ্লগাৰ জ্যোতি মালহোত্ৰা হাৰিয়ানাৰ হিছাৰৰ বাসিন্দা। চিভিল লাইনছ আৰক্ষীয়ে পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত মালহোত্ৰাক গ্ৰেপ্তাৰ কৰে। এতিয়ালৈকে পঞ্জাৱ আৰু হাৰিয়ানাৰ মালেৰকোটলাৰ পৰা মুঠ ৬ জন পাকিস্তানী চোৰাংচোৱাক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁ “ট্ৰেভেল উইথ জো” (Travel With JO) নামৰ এটা ইউটিউব চেনেল চলায়, ইউটিউবত ৩ লাখ ৭৭ হাজাৰতকৈ অধিক ছাবচক্ৰাইবাৰ আছে আৰু ঠিক তেনেকৈ সামাজিক মাধ্যম ইনষ্টাগ্ৰামত ১ লাখ ৩২ হাজাৰ অনুসৰণকাৰী আছে।

          মালহোত্ৰা পাকিস্তান উচ্চায়ুক্তত কৰ্মৰত এহছান-উৰ-ৰহিম ওৰফে ডেনিছ নামৰ এজন বিষয়াৰ সৈতে সংস্পৰ্শত আছিল। ডেনিছে তেওঁক পাকিস্তানলৈ প্ৰেৰণ কৰিছিল। ২০২৩ চনত ডেনিছৰ সহায়ত দুবাৰকৈ পাকিস্তান ভ্ৰমণ কৰিছিল মালহোত্ৰাই। ডেনিছে আলী আহোৱান নামৰ এজন ব্যক্তিক চিনাকি কৰাই দিয়াৰ লগতে ভ্ৰমণৰ ব্যৱস্থাও কৰিছিল। পাকিস্তানত আলী আহোৱানে পাকিস্তানৰ নিৰাপত্তা আৰু চোৰাংচোৱা বিষয়াৰ সৈতে বৈঠকৰ ব্যৱস্থা কৰে। তাতে ছাকিৰ আৰু ৰানা শ্বাহবাজকো লগ পাইছিল। ছাকিৰৰ মোবাইল নম্বৰটো মালহোত্ৰাই কোনেও সন্দেহ নকৰিব বুলি 'জাট ৰাধাৱা' নামেৰে চেভ কৰি ৰাখিছিল আৰু পিছত ভাৰতলৈ উভতি আহিল। ভাৰতলৈ উভতি অহাৰ পিছতো জ্যোতিয়ে ৱাটছএপ, টেলিগ্ৰাম, স্নেপচ্যাটৰ দৰে এনক্ৰিপ্ট কৰা প্লেটফৰ্মৰ জৰিয়তে যোগাযোগত আছিল আৰু ভাৰতৰ বহু গোপন তথ্য শ্বেয়াৰ কৰি আছিল।

           উল্লেখযোগ্য যে জ্যোতি মলহোত্ৰাক ভাৰতীয় ন্যায় সংহিতাৰ ১৫২ নং ধাৰা আৰু ১৯২৩ চনৰ চৰকাৰী গোপনীয়তা আইন ৩, ৪ আৰু ৫ নং ধাৰাত অভিযুক্ত কৰা হৈছে। 

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist