স্পাইচজেট বিমানৰ শৌচাগাৰত এঘণ্টাতকৈও অধিক সময় এজন যাত্ৰী হৈ আছিল আবদ্ধ
ভাৰতৰ এজন যাত্ৰী যাত্ৰাৰ মাজভাগত শৌচালয়ত যোৱাত দুৱাৰ খন বিকল হোৱাৰ ফলত এঘণ্টাতকৈও অধিক সময় বিমানৰ শৌচালয়ত আবদ্ধ হৈ আছিল ।
ভাৰতৰ এজন যাত্ৰী যাত্ৰাৰ মাজভাগত শৌচালয়ত যোৱাত দুৱাৰ খন বিকল হোৱাৰ ফলত এঘণ্টাতকৈও অধিক সময় বিমানৰ শৌচালয়ত আবদ্ধ হৈ আছিল । তেখেতে মুম্বাইৰ পৰা বেংগালুৰুলৈ স্পাইচজেটৰ এখন বিমানত আহিছিল। বিমানখন বেংগালুৰুত অৱতৰণৰ পিছত তেওঁক মঙলবাৰে ৰাতিপুৱা উদ্ধাৰ কৰা হৈছিল।
স্পাইচজেটে ক্ষমা বিচাৰি কয় যে "যাত্ৰীৰ অসুবিধাৰ" বাবে তেখেত সকল দুঃখিত।
বেংগালুৰু পোৱাৰ পিছত এজন অভিযন্তাই শৌচাগাৰৰ দুৱাৰ খুলি তেখেতক উদ্ধাৰ কৰে আৰু যাত্ৰীজনক তাৎক্ষণিক চিকিৎসা প্ৰদান কৰে। স্পাইচজেটৰ এজন মুখপাত্ৰই এয়াৰলাইনটোৱে তেওঁক যাত্ৰাৰ সম্পূৰ্ণ ধন ঘূৰাই দিব বুলি প্ৰকাশ কৰে।
What's Your Reaction?