যান-বাহন উলংঘনৰ বাবে এতিয়া আকৌ ১০ গুণ অধিক কঠোৰ জৰিমনা বিহা হ'ব

Mar 18, 2025 - 15:10
Mar 19, 2025 - 22:18
 0  6
যান-বাহন উলংঘনৰ বাবে এতিয়া আকৌ ১০ গুণ অধিক কঠোৰ জৰিমনা বিহা হ'ব

পথ সুৰক্ষা বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টাত ভাৰত চৰকাৰে যান-বাহনৰ অপৰাধৰ বাবে কঠোৰ জৰিমনা আৰোপ কৰিছে আৰু এইটো ১ মাৰ্চ, ২০২৫ ৰ পৰা কাৰ্যকৰী হৈছে। শেহতীয়া অধিসূচনাত নিৰ্ধাৰিত বৰ্ধিত জৰিমনাবোৰৰ উদ্দেশ্য হৈছে নিয়ম নমনাকৈ যান বাহন চলোৱাত বাধা আৰোপ কৰা আৰু যান-বাহনৰ নিয়মৰ আজ্ঞাকাৰীতা অনা।

নতুন নিয়ম অনুসৰি, সুৰাপান কৰি গাড়ী চলোৱা লোকসকলক ১০,০০০ টকা জৰিমনা বিহা হ'ব নতুবা ছয় মাহৰ বাবে কাৰাবাস দিয়া হ'ব। পুনৰাবৃত্তি কৰা ভূলৰ বাবে ১৫,০০০ টকাৰ জৰিমনা বিহা হ'ব আৰু দুবছৰলৈকে কাৰাদণ্ড দিয়া হ'ব। হেলমেট অবিহনে চলালে ১,০০০ টকাৰ জৰিমনা বিহা হ'ব, লগতে চালকৰ অনুজ্ঞাপত্ৰ তিনি মাহৰ বাবে নিলম্বন কৰা হ'ব। চিটবেল্ট পৰিধান নকৰিলেও ১,০০০ টকাৰ জৰিমনা বিহা হ'ব।

যান বাহন চলোৱা সময়ত ৰাস্তাত মোবাইল ফোন ব্যৱহাৰ কৰিলে আগৰ ৫০০ টকাৰ পৰা ৫,০০০ টকা পৰ্যন্ত জৰিমনা বৃদ্ধি কৰা হৈছে। বৈধ অনুজ্ঞাপত্ৰ বা বীমাৰ সৈতে গাড়ী নচলালে ক্ৰমান্বয়ে ৫,০০০ টকা আৰু ২,০০০ টকা জৰিমনা হ'ব, একেতা ভূলেই পুনৰাবৃত্তি কৰিলে অধিক জৰিমনা আনকি কাৰাবাসো হ'ব পাৰে।

নিয়ম নামানি তিব্ৰবেগেৰে গাড়ী চলোৱা আৰু জৰুৰীকালীন বাহনসমূহক পথ নিদিয়াকে ধৰি অন্যান্য অপৰাধৰ বাবে ক্ৰমান্বয়ে ৫,০০০ টকা আৰু ১০,০০০ টকাৰ জৰিমনা বিহা হ'ব। অভাৰলোডিং আৰু জাম্পিং চিগনেলৰ বাবে জৰিমনাও দুগুণ কৰা হৈছে আৰু সেইবোৰ ক্ৰমান্নয়ে ২০,০০০ টকা আৰু ৫,০০০ টকা।

যুৱ অপৰাধীসকলৰ বাবে জৰিমনাবোৰ কঠোৰ কৰা দেখা গৈছে যেনে ২৫,০০০ টকাৰ জৰিমনা, এবছৰৰ বাবে বাহন পঞ্জীয়ন স্থগিত কৰা আৰু ২৫ বছৰ নোহোৱা পৰ্যন্ত ড্ৰাইভিং লাইচেঞ্চ প্ৰাপ্ত কৰাৰ ওপৰত নিষেধাজ্ঞা। এই কাৰ্যবোৰে পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ আৰু সমগ্ৰ দেশতে যান-বাহনৰ নিতি নিয়মবোৰ ভালকৈ মানি পথ দূৰ্ঘটনা অধিক পৰিমাণে হ্ৰাস পাব বুলি আশা কৰা হৈছে।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist