গুজৰাটৰ বদোদৰাত নাও দুৰ্ঘটনাৰ ফলত ১২ জন স্কুলীয়া শিশুৰ কৰুণ মৃত্যু
বৃহস্পতিবাৰ অৰ্থাৎ ১৮ জানুৱাৰীত গুজৰাটৰ বদোদৰাত নাও দূৰ্ঘটনা হয় । যত ১২ জন শিক্ষাৰ্থী, দুজন শিক্ষকৰ মৃত্যুৰ লগতে ভালেকেইজন আহত হয় বুলি জানিব পৰা গৈছে।
বৃহস্পতিবাৰ অৰ্থাৎ ১৮ জানুৱাৰীত গুজৰাটৰ বদোদৰাত নাও দূৰ্ঘটনা হয় । যত ১২ জন শিক্ষাৰ্থী, দুজন শিক্ষকৰ মৃত্যুৰ লগতে ভালেকেইজন আহত হয় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে শিক্ষাৰ্থী তথা শিক্ষকসকল বনভোজলৈ গৈছিল । স্থানীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি নাওখনত প্ৰায় ২৭ জন লোক আছিল।
বদোদৰাৰ হাৰ্নি হ্ৰদত সংঘটিত এই ঘটনাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই আৰু আৰক্ষীৰ উদ্ধাৰ অভিযান এতিয়াও চলি আছে। আৰক্ষী আয়ুক্ত অনুপম চিং গেহলতে কয় যে নাও যাত্ৰাৰ সময়ত ভুক্তভোগীসকলক লাইফ জেকেট প্ৰদান কৰা হোৱা নাছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে । গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কয় যে ৰাজ্য চৰকাৰে দুৰ্ঘটনাটোত মৃতকৰ পৰিয়ালক ৪,০০,০০০ টকা আৰু আহত সকলৰ পৰিয়াললৈ ৫০,০০০ টকা প্ৰ্দান কৰিব ।
What's Your Reaction?