ৰাজধানী দিল্লীত আজিৰ পৰা নতুন নিয়ম
আজিৰে পৰা ৰাজধানী চহৰ দিল্লীত বাহনৰ ক্ষেত্ৰত নতুন নিয়ম। ১০ বছৰ পুৰণি ডিজেলচালিত আৰু ১৫ বছৰ পেট্ৰলচালিত বাহনত কোনো তেল ডিপুতে দিয়া নহ'ব তেল।
সকলো তেল ডিপুতে ইন্ধন দিয়া নিদিয়া সন্দৰ্ভত আঁৰি দিয়া হৈছে জাননীৰ ফলক। মাত্ৰাধিক বায়ু প্ৰদূষণৰ বাবেই এনে সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে।যিসকলৰ ১০ বছৰ পুৰণি ডিজেলচালিত আৰু ১৫ বছৰ পুৰণি পেট্ৰলচালিত বাহন আছে এই নতুন নিয়ম প্ৰৱৰ্তনক লৈ তেওঁলোক কিছু সমস্যাৰ সন্মুখীন হ'ব বুলি অনুভৱ কৰিব পাৰি। এতিয়া সম্পূৰ্ণ দিল্লী প্ৰদূষণ মুক্ত হোৱাৰ দিশে। প্ৰদূষণ মুক্ত ৰাজধানী গঢ়ি তুলিবলৈ ক্লাউড ছিদিংৰ জৰিয়তে কৃত্ৰিম বৰষুণৰ সৃষ্টি কৰাৰ দৰে ব্যৱস্থাও চৰকাৰে গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।
What's Your Reaction?