টাটা গ্ৰুপৰ এয়াৰ ইণ্ডিয়া দুৰ্ঘটনাত নিহত সকলৰ পৰিয়াললৈ ১ কোটি টকাৰ আৰ্থিক সাহাৰ্য্য

Jun 14, 2025 - 04:52
Jun 14, 2025 - 22:53
 0  82
টাটা গ্ৰুপৰ এয়াৰ ইণ্ডিয়া দুৰ্ঘটনাত নিহত সকলৰ পৰিয়াললৈ ১ কোটি টকাৰ আৰ্থিক সাহাৰ্য্য

টাটা গ্ৰুপে ঘোষণা কৰে যে বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়া ফ্লাইট ১৭১-ৰ আহমেদাবাদ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ ১ কোটি টকা আগবঢ়াব। লগতে টাটা গ্ৰুপৰ দ্বাৰা বিজে মেডিকেল হোষ্টেল পুনৰ নিৰ্মাণ কৰা হ'ব আৰু সকলো দুৰ্ঘটনাগ্ৰস্ত লোকৰ চিকিৎসাৰ বাবে পুঁজি যোগান ধৰিব।  

          উল্লেখযোগ্য যে বৃহস্পতিবাৰে গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰষ্ট হৈছিল। বিমান বন্দৰৰ সমীপৰ মেঘানী নগৰত দুৰ্ঘটনাত পতিত হৈছিল বিমানখন। বিমানখন আহমেদাবাদৰ পৰা ২৩ নং ৰানৱেৰ পৰা দুপৰীয়া ১:৩৯ বজাত উৰা মাৰে। অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) উল্লেখ কৰা বিৱৰণ অনুসৰি উৰণৰ মাত্ৰ পাঁচ মিনিটৰ ভিতৰতে ই দুৰ্ঘটনাগ্ৰস্ত হয়। ১২ গৰাকী বিমানকৰ্মী সহ ২৪২ জন লোক আছিল বিমানখনত। উল্লেখযোগ্য যে বিমানখনে আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মাৰিছিল।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist