ৰাজ্যবাসীৰ বাবে ভাল খবৰ! ৰাজ্যত হ্ৰাস পালে বিদ্যুতৰ মাচুল

ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। হ্ৰাস পাব বিদ্যুতৰ মাচুল। ১ এপ্ৰিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰে।

Apr 1, 2025 - 13:22
Apr 2, 2025 - 21:32
 0  2
ৰাজ্যবাসীৰ বাবে ভাল খবৰ! ৰাজ্যত হ্ৰাস পালে বিদ্যুতৰ মাচুল

ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। হ্ৰাস পাব বিদ্যুতৰ মাচুল। ১ এপ্ৰিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰে।

এপ্ৰিল ফুলৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দিলে এই খবৰটো। সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ মাচুল। ইয়াৰোপৰি এয়া এপ্ৰিল ফুল নহয় , এয়া সঁচা খবৰ।

মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি, ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ বিদ্যুতৰ মাচুল হ্ৰাস পাব। প্রতিটো ইউনিটত ১ টকাকৈ ৰেহাই পাব সকলোৱে। গতিকে পূৰ্বতকৈ বিদ্যুতৰ মাচুলৰ ক্ষেত্ৰত কম টকা ভৰিব লাগিব ৰাইজে। মূল্যবৃদ্ধিৰ মাজত বিদ্যুতৰ এই মাচুল হ্ৰাসে ৰাজ্যবাসীক কিছু সকাহ প্ৰদান কৰিব।

এই সন্দৰ্ভত শৰ্মাই সামাজিক মাধ্যমত লিখে যে- আজি এপ্রিলৰ পহিলা তাৰিখ— এপ্রিল ফুল নহয় যদিও এষাৰ কথা কওঁ— উষ্ণতা বাঢ়িলেও আপোনাৰ বিদ্যুৎ বিল নিশ্চিতকৈ হ্রাস হ’ব। আজিৰে পৰা অসমৰ প্রতিটো পৰিয়ালে প্রতিটো ইউনিটত ১ টকাকৈ ৰেহাই পাবলৈ সক্ষম হ’ব। উল্লেখ্য যে এই ৰেহাইৰ হাৰে বছৰৰ শেষত আৰু অধিক সকাহেৰে আপোনাক শান্তি প্রদান কৰিবলৈ সাজু হৈছে।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist