মাটি এবিঘা দিলে মইয়ে চিনেমা হ'ল এটা বনাই দিম - জুবিন গাৰ্গ
মাজুলীৰ নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত দেওবাৰে বহাগী উৎসৱ অনুষ্ঠিত হয় লগতে উক্ত দিনটোত গীত পৰিৱেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ।

এতিয়া বিহুৰ বতৰ। অসমৰ ইমুৰৰ পৰা সিমুৰত ঠায়ে ঠায়ে বিহুৰ সাংস্কৃতিক অনুস্থান। বিহুৰ এই সমগ্ৰ মাহটোতে কণ্ঠশিল্পীসকলো ব্যস্ত হৈ আছে বিহু অনুষ্ঠানৰ বাবে।
মাজুলীৰ নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত দেওবাৰে বহাগী উৎসৱ অনুষ্ঠিত হয় লগতে উক্ত দিনটোত গীত পৰিৱেশন কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে । উল্লেখযোগ্য যে ২৪ এপ্ৰিলত পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত মাজুলীত জুবিনৰ ব’হাগী অনুষ্ঠান বাতিল কৰা হৈছিল ৷ কিন্তু দেওবাৰে পুনৰ মাজুলীবাসীয়ে শুনিবলৈ পালে প্ৰিয় কণ্ঠশিল্পীগৰাকীৰ সংগীতানুষ্ঠান ৷
মাজুলীৰ এই সংগীতানুষ্ঠানত জুবিন গাৰ্গৰ লগত উপস্থিত আছিল আহিবলগীয়া নতুন অসমীয়া চিনেমা ‘ভাইমন দা’ৰ টীম ৷ সকলোৰে উপস্থিতিত মাজুলীত এটা চিনেমা হলৰ প্ৰয়োজন আছে বুলি কণ্ঠশিল্পীগৰাকীয়ে মন্তব্য কৰে। মাজুলীৰ ৰাইজে বিধায়ক, মন্ত্ৰীসকলক এটা চিনেমা হল বনাই দিবলৈ ক’ব লাগে বুলি মন্তব্য কৰে জুবিন গাৰ্গে ।
চিনেমা হলৰ বাবে চৰকাৰৰ কাষ চাপিবলৈ কোৱা ৰাইজে জুবিনকে এটা চিনেমা হল বনাই দিবলৈ অনুৰোধ জনায়। তেতিয়া প্ৰত্যুত্তৰত জুবিন গাৰ্গে কয় যে “মোৰ পইচা পাতি নাই ৷ যি কেইটা পাওঁ আনৰ বেমাৰ আজাৰত দি সহায় কৰোতেই শেষ হয় । তথাপিও যদি মাজুলিবাসীয়ে মাটি এবিঘা দিয়ে তেন্তে চিনেমা হল এটা বনাই দিম ৷”
লগতে জুবিন গাৰ্গে আহিবলগীয়া দুখন চিনেমা "ভাইমন দা" আৰু "ৰৈ ৰৈ বিনালে"ৰ কথা উল্লেখ কৰি সকলোকে অসমীয়া চিনেমা চাবলৈ আহ্বান জনাই ৷
What's Your Reaction?






