কাইলৈৰ পৰা আৰম্ভ মহা অম্বুবাচী | পূৰ্বৰ দৰে নাথাকিব মেলা সদৃশ পৰিৱেশ
অম্বুবাচী মেলা পৰিবর্তন ২০২৫ – কাইলৈৰ পৰা নতুন নিয়ম। এইবাৰ মেলাৰ সদৃশ পৰিৱেশ নাথাকিব, জানক সকলো তথ্য।
২২জুন ২০২৫ অসমীয়া আহাৰ মাহৰ ৭ তাৰিখ, আৰম্ভ হ'ব অম্বুবাচী। উজনিৰ ফালে ইয়াক বহুতে ষাঁঠ লগা বুলি কয় । নামনি অসমত আমতি লগা বুলি কয়।
নীলাচলৰ বুকুত অৱস্থিত মা কামাখ্যা মন্দিৰত প্ৰত্যেক বছৰে ধুমধামেৰে আয়োজিত হয় অম্বুবাচী মেলা। প্ৰত্যেক বছৰে দেশ-বিদেশৰ পৰা অহা অগণন সাধু সন্তৰে ভৰি পৰে নীলাচলৰ বুকু।
অম্বুবাচী শব্দৰ আছে এক বিশেষ অৰ্থ । অম্বুবাচী শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে ৷ দুটা সংস্কৃত শব্দ লগ হৈ অম্বুবাচী শব্দটো হৈছে ৷ "অম্বু" মানে হ'ল পানী আৰু "বাচী" শব্দৰ অৰ্থ হৈছে 'অৰ্থ প্ৰকাশ কৰা' ৷ আকাশক পুৰুষ আৰু ধৰিত্ৰীক প্ৰকৃতি বুলিও ধৰা হয় ৷ এই সময়খিনিত পুৰুষ আৰু প্ৰকৃতিৰ মিলন হয়,যাৰ ফলত এই সময়ছোৱাত বৰষুণ হোৱা দেখা যায় ৷
পৃথিৱীৰ ৫১ খন মহা শক্তিপীঠৰ ভিতৰত নীলাচল বুকুত অৱস্থিত মা কামাখ্যা এখন জাগ্ৰত শক্তিপীঠ। এই অম্বুবাচী মেলাৰ লগত কামাখ্যাধামৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে আহাৰ মাহৰ প্ৰায় ৭ তাৰিখে আদ্য নক্ষত্ৰ মিথুন ৰাশিত সংযুক্তহোৱাৰ লগে লগে দেৱী মা কামাখ্যা ৰজঃস্বলা হোৱা বুলি এক মান্যতা আছে ৷ পৰম্পৰা অনুসৰি এই সময়ছোৱাত কোনো ধৰণৰ পূজা- অৰ্চনা আদি কৰাৰ পৰা বিৰত থকা হয় ৷ সেয়ে অম্বুবাচীৰ প্ৰবৃত্তি ঘটাৰ পৰা তিনিদিনলৈ কামাখ্যা মন্দিৰৰ মূলদ্বাৰ বন্ধ ৰখা হয় আৰু চাৰিদিনৰ দিনা নিত্যপূজাৰ পাছত মন্দিৰৰ মূলদ্বাৰ ভক্তসকলৰ বাবে খুলি দিয়া হয় ৷ আনহাতে এই সময়খিনি কৃষি কৰ্মৰ পৰা বিৰত থকা যায় ৷ বহুতে এই সময়ছোৱাত ব্ৰত আদিও কৰা দেখা যায়।
এইবাৰ অম্বুবাচীৰ প্ৰবৃত্তিৰ সময় - ইংৰাজী ২২ জুনৰ আৰু অসমীয়া আহাৰ মাহৰ ৭ তাৰিখে দিনৰ ২ বাজি ৫৬ মিনিট ২৭ ছেকেণ্ডত।
নিবৃত্তিৰ সময়- ইংৰাজী ২৫ জুন আৰু অসমীয়া আহাৰ মাহৰ ১০ তাৰিখে ৰাতি ৩ বাজি ২১মিনিট ৩ ছেকেণ্ডত।
সেয়ে ২২ জুনৰ পৰা ২৫ জুনলৈ মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ বন্ধ থাকিব । ২২ জুনৰ পৰা ২৭ জুনলৈ ভি আই পি দৰ্শন বন্ধ থাকিব।
পূৰ্বৰ দৰে নাথাকিব মেলা সদৃশ পৰিৱেশ
২২জুনৰ পৰা ২৬ জুনলৈ চলিব অম্বুবাচী মেলা ।
#অম্বুবাচী মহাযোগ উপলক্ষে প্ৰশাসনৰ কিছু নিৰ্দেশনা:-
১/ অম্বুবাচীৰ সময়ত বাদ্যযন্ত্ৰ, ছাউণ্ড চিষ্টেম, শোভাযাত্ৰাত নিষেদ্ধাজ্ঞা।
২/পু ৱা ৫ বজাৰ পৰা বিয়লি ৬ বজালৈকেহে যাব পাৰিব দৰ্শনাৰ্থীসকল। ৬ বজাৰ পাছত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব।
৩/ পাণ্ডু পʼৰ্টৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা পথটো বন্ধ থাকিব
৪/ নীলাচলৰ প্ৰৱেশ পথত জোতা চেণ্ডেল পিন্ধি যাব নোৱাৰিব কোনেও।
৫/ মন্দিৰৰ আশে-পাশে নাথাকিব কোনো তীৰ্থযাত্ৰীৰ বাবে থকা-খোৱাৰ ব্যৱস্থা। বিতৰণ কৰিব নোৱাৰিব খাদ্য-সামগ্ৰী।
৬/মন্দিৰৰ চৌপাশে সংস্থাপন কৰা হৈছে ৫০০ চি চি টিভি কেমেৰা।
৭/নিয়োগ কৰা হৈছে ১২০ জন স্থায়ী সুৰক্ষা কৰ্মী;৪০০ স্কাউট গাইড;১৫০ জন স্বেচ্ছাসেৱক;২৫০ জন অস্থায়ী সুৰক্ষা কৰ্মী আৰু ১১০ জন অতিৰিক্ত চাফাই কৰ্মচাৰী।
What's Your Reaction?