মাজুলীৰ অফলামুখৰ ফেৰীত পুনৰ অঘটন
মাজুলী অফলামুখ ফেৰী অঘটন, আজি পুৱা ৯:৩০ বজাত দলংৰ খুঁটাত খুন্দা মাৰে, SDRF উপস্থিত, যিকোনো ক্ষতিৰ পৰা ৰক্ষা।
আজি ২২ জুন, পুৱা ৯.৩০ বজাত অফলামুখ ঘাটৰ পৰা নিমাতী অভিমুখে ৰাওনা হৈছিল ইন্দ্র নামৰ ফেৰীখন। ফেৰীখনে যোৰহাট মাজুলী সংযোগী নিৰ্মীয়মান অৱস্থাত থকা দলংৰ খুঁটাত খুন্দা মাৰে ফলত ফেৰীৰ ওপৰতে বাগৰি পৰে কেইবাখনো দুচকীয়া বাহন। ঘটনাৰ পিছতে আতংকময় পৰিৱেশৰ সৃষ্টি হয় ফেৰীত থকা যাত্ৰীসকলৰ মাজত । পানীৰ সোঁতৰ গতি বেছি হোৱাৰ বাবেই এনে ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। লগে লগে SDRF বাহিনী উপস্থিত হয় ঘটনাস্থলীত, কিন্তু কোনো ক্ষতিগ্ৰস্ত হোৱা নাই বুলি জানিব দিয়ে অফলামুখ ঘাটৰ কৰ্তৃপক্ষই।
What's Your Reaction?