সাংবাদিক হেমন্ত শৰ্মাই নিৰ্মাণ কৰা চুটি ছবি ‘টু-লেট’ এ অসমলৈ আনিলে সুখবৰ
‘বে অফ বেংগল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সংস্থাৰ দ্বাৰা আয়োজিত কৰা হয়। মহোৎসৱত কেবাটাও শিতানত ভাৰতৰ লগতে বিশ্বৰ বহুকেইগৰাকী খ্যাতনামা পৰিচালকৰ ছবিয়ে লাভ কৰিছে পুৰস্কাৰ।

‘বে অফ বেংগল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সংস্থাৰ দ্বাৰা আয়োজিত কৰা হয়। মহোৎসৱত কেবাটাও শিতানত ভাৰতৰ লগতে বিশ্বৰ বহুকেইগৰাকী খ্যাতনামা পৰিচালকৰ ছবিয়ে লাভ কৰিছে পুৰস্কাৰ। অসমৰ সাংবাদিক তথা টু- লেট নামৰ চুটি ছবিখনৰ নিৰ্মাতা হেমন্ত শৰ্মাই লাভ কৰিবলৈ সক্ষম হৈছে শ্ৰেষ্ঠ কাহিনীৰ বটাঁ। উল্লেখ্য যে, প্ৰায় ৩০০ ৰো অধিক ছবিৰ মাজৰ পৰা নিৰ্বাচিত হৈছে এই চুটি ছবিখন। এই বটাঁটি অহা ২ জুনত কলকাতাৰ হাওৰাৰ শৰৎ সদন ভৱনত প্ৰদান কৰা হ’ব। ‘টু লেট’ ছবিখনৰ কাহিনী-চিত্ৰনাট্য-সাংলাপ আৰু পৰিচালনা কৰিছে হেমন্ত শৰ্মাই, প্ৰযোজনা কৰিছে উৎপল বণিয়াই, চিনেমাটোগ্ৰাফী দ্বীপকমল গগৈ, সংগীত পৰিচালক সুদীপ্ত নয়ন আৰু সম্পাদনা কৰিছে মানস প্ৰতীমে৷ অভিনয় কৰিছে কুলেন্দ্ৰ ৰায় চৌধুৰী, নৱ মহন্ত, প্ৰতিমা শৰ্মা আৰু মীনাক্ষী দেৱীয়ে ৷
পৰিচালক হেমন্ত শৰ্মাই জানিবলৈ দিয়া অনুসৰি, সাম্প্ৰতিক সময়ৰ এক গুৰুত্বপূৰ্ণ বিষয়ক লৈ নিৰ্মাণ কৰা হৈছে চুটি ছবিখন ৷ “এটা সৰু তথা অতি সাধাৰণ ঘটনাৰ আলমত ছবিখনৰ কাহিনীভাগ ৰচনা কৰা হৈছে ৷ আমি সকলোৱে এখন ধৰ্মনিৰপেক্ষ দেশত বসবাস কৰি আছো ৷ কিন্তু এই ধৰ্মনিৰপেক্ষতা বোলা শব্দটো কিমান দূৰলৈ শিপাইছে ? কিমানে মন-মগজুত ধৰি ৰাখিছে ? কিমানে এই শব্দটো বুজি পায় ? কিমানে ধৰ্মনিৰপেক্ষতাৰ ভাবাৰ্থ বুজি পায় ? কিমানে ধৰ্মনিৰপেক্ষতাৰ মোল বুজি জীৱন নিৰ্বাহ কৰিছে ? দৰাচলতে অদ্যপি এই ‘ধৰ্মনিৰপেক্ষতা’ বোলা শব্দটো এটা শব্দহে হৈ আছে ৷ মহামানৱ মহাত্মা গান্ধীয়ে দেখা সপোনৰ দেশখনত, শংকৰ-আজানে একতাৰ দোলেৰে বন্ধা ৰাজ্যখনত প্ৰকৃতপক্ষত কি ঘটি আছে সেয়া সকলোৰে জ্ঞাত ৷ এজন মুছলমান যুৱ সাংবাদিক এনে ঘটনাৰ বলি হৈ কি পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হ’ল তাকেই অতি কম সময়ৰ ভিতৰত ছবিখনৰ জৰিয়তে দেখুৱাবলৈ বিচৰা হৈছে ৷”
What's Your Reaction?






