জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ দেহাৱসান
সৰা পাতে পাতে ফাগুন নামে… উভতি নহাৰ বাটেৰে অজান পৃথিৱীলৈ গ’লগৈ গায়ত্ৰী হাজৰিকাই। কণ্ঠশিল্পী গৰাকীৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি ৷

সৰা পাতে পাতে ফাগুন নামে… উভতি নহাৰ বাটেৰে অজান পৃথিৱীলৈ গ’লগৈ গায়ত্ৰী হাজৰিকাই। কণ্ঠশিল্পী গৰাকীৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি ৷ দীর্ঘদিন ধৰি তেওঁ দূৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল। শুকুৰবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দিনৰ ২.২০ বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। মাত্ৰ ৪৫ বছৰ বয়সতেই হাজৰিকাই মৃত্যুক আকোৱালি লয়। মৃত্যুৰ সময়ত তেওঁ এৰি থৈ যায় স্বামী আৰু দুই পুত্ৰক। কণ্ঠশিল্পীগৰাকীয়ে ‘সৰা পাতে পাতে ফাগুন নামে’, ‘আবেলিৰ হেঙুলী আকাশে’, ‘তুমি অহাৰ বাতৰি পালে’, ‘মন মোৰ উৰি ফুৰে’ , ৰত্নাকৰ চিনামা খনৰ অতি জনপ্ৰিয় গান ‘ৰাতি ৰাতি’ আদিকে ধৰি বহু কেইটা জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে।
তেখেতৰ শৈশৱৰ পৰাই সংগীতৰ প্ৰতি ৰাপ আছিল। মেট্ৰিক পৰীক্ষাত সংগীত বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্ছ নম্বৰ পাইছিল। ইয়াৰ পিছত কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা শাস্ত্ৰীয় সংগীতত স্নাতক ডিগ্ৰী আৰু তাৰ পাছতে ভাতখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা ‘এম. মিউজ’ ডিগ্ৰী লাভ কৰিছিল। তেওঁ আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰত শিশু শিল্পী হিচাপে ১৯৯২ চনতেই গীত পৰিৱেশন কৰিছিল।
What's Your Reaction?






