অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত নামাকৰণ হ'ব সৰুসজাই ষ্টেডিয়াম

অসম কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অৰ্জুন বটাঁপ্ৰাপ্ত ভোগেশ্বৰ বৰুৱাৰ নামত নামাকৰণ কৰা হ'ব সৰুসজাই ষ্টেডিয়াম।
বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছিল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷
ইয়াৰ ভিতৰত অন্যতম আছিল যে এতিয়াৰে পৰা সৰুসজাই স্প'ৰ্টছ কমপ্লেক্সক জনা যাব ‘‘অৰ্জুন ভোগেশ্বৰ বৰুৱা স্প'ৰ্টছ কমপ্লেক্স’’ হিচাপে।
উল্লেখযোগ্য যে ভোগেশ্বৰ বৰুৱা ভাৰতৰ এগৰাকী আগশাৰীৰ খেলুৱৈ তথা প্ৰশিক্ষক। তেওঁ হৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া। তেওঁৰ জন্ম হৈছিল ৩ ছেপ্তেম্বৰ ১৯৪০ চনত শিৱসাগৰত। ১৯৬৬ চনৰ বেংককত অনুষ্ঠিত এচিয়ান গেমছত তেওঁ ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে আৰু প্ৰতিযোগিতাৰ নতুন অভিলেখ স্থাপন কৰে। এচিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা তেওঁ প্ৰথমজন অসমীয়া। সেইদৰে ১৯৭০ চনৰ এছিয়ান গেমছৰ ৪০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। তেওঁক ১৯৬৬ চনত ভাৰত চৰকাৰে অৰ্জুন বঁটাৰে সন্মানিত কৰে। ২০১৫ চনত টাই আহোম যুৱ পৰিষদে তেওঁক লাচিত বঁটা আৰু ২০১৯ চনত অসম চৰকাৰে বীৰ চিলাৰায় বঁটা প্ৰদান কৰে।
অসম চৰকাৰে তেওঁৰ প্ৰতি সন্মান দেখুৱাই প্ৰতি বছৰে ৩ ছেপ্তেম্বৰত তেখেতৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে।
তেওঁৰ পিতৃৰ নাম ভদ্ৰেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম আইকণ বৰুৱা। শিৱসাগৰত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত বৰুৱাই চেন্নাইৰ খালিকোট মহাবিদ্যালয়ত উচ্চশিক্ষা গ্ৰহণ কৰে ।
What's Your Reaction?






