অসমৰ ৰাজ্যপালে ২০২৪ চনৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰে

Apr 4, 2025 - 03:45
Apr 5, 2025 - 18:46
 0  7
অসমৰ ৰাজ্যপালে ২০২৪ চনৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰে

বৃহস্পতিবাৰে অৰ্থাৎ ৩ এপ্ৰিলত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুস্থিত এই অনুস্থানটোত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ২০২৪ চনৰ বাবে ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰে। এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ব্যতিক্ৰমী ব্যক্তিসকলক স্বীকৃতি প্ৰদান কৰে আৰু সমাজৰ প্ৰতি তেওঁলোকৰ নিষ্ঠা আৰু সেৱাৰ বাবে তেওঁলোকক সন্মান জনায়।


       ২০২৪ চনৰ বাবে অসম বৈভৱ, অসম গৌৰৱ আৰ অসম সৌৰভ বঁটা প্ৰদান কৰা হয়। ৰাজ্য চৰকাৰৰ অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে অৱসৰপ্ৰাপ্ত লেফ্টেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ। আটাইতকৈ সন্মানীয় বঁটা অসম বৈভৱক লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক (অৱসৰপ্ৰাপ্ত) তেওঁৰ দৃষ্টান্তমূলক সেৱাৰ বাবে প্ৰদান কৰা হৈছিল।ইয়াৰোপৰি অসমীয়া সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা প্ৰদান কৰা হয়। 
ছয় গৰাকী ব্যক্তিক ২০২৪ চনৰ অসম সৌৰভ বটাঁ‌ প্ৰদান কৰা হৈছে।
১)  বিশিষ্ট সংগীত শিল্পী দ্বিপেন বৰুৱা
২)  বিশিষ্ট নাট্যকাৰ হেমন্ত দত্ত
৩)  ভাৰতীয় মহিলা দলৰ ক্ৰিকেটাৰ উমা চেত্ৰী
৪)  বহনক্ষম আৰু পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰখনৰ বাবে ড০ পূৰৱী শইকীয়া
৫)  দক্ষতা-বিকাশ আৰু  শিক্ষাৰ দিশত আগবঢ়োৱা অৱদানৰ বাবে তামিলনাডুৰ শিক্ষাবিদ সুব্ৰমনিয়ম ৰামাদৰাই
৬)  বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ হোজাইৰ ড০ বাপ্পী পাল

অসম গৌৰভ বটাঁ‌ ২০২৪ চনৰ প্ৰদান কৰা হৈছে
ফুলেশ্বৰী দত্ত, মিনাক্ষী দাস, পাৰ্থিৱ সুন্দৰ গগৈ, ধীৰেন্দ্ৰ নাথ পল, হৰিদাস দাস, বিনং তেৰ, নজৰুল হক, বিশ্বজিত বৰা, ভাৰত কলিতা, বৰলংফা নাৰ্জাৰী, ৰাম চাচনী, উপমান্যু বৰকাকতি, ডেভিদ প্ৰতীম গগৈ আৰু লগতে প্ৰতিষ্ঠান চোৰান আহেম, বাৰেকুৰি গাওঁ‌, হাতী বন্ধু নামক এনজিঅ’ক।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist