আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস

প্রতিবছৰে ৩ মে'ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰক স্বীকৃতি দিয়া, সমগ্র বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা মূল্যায়ন কৰা, সংবাদ মাধ্যমক তেওঁলোকৰ স্বাধীনতাৰ ওপৰত আক্ৰমণৰ পৰা ৰক্ষা কৰা

May 3, 2025 - 12:56
May 3, 2025 - 20:35
 0  132
আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস

আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস। প্রতিবছৰে ৩ মে'ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰক স্বীকৃতি দিয়া, সমগ্র বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা মূল্যায়ন কৰা, সংবাদ মাধ্যমক তেওঁলোকৰ স্বাধীনতাৰ ওপৰত আক্ৰমণৰ পৰা ৰক্ষা কৰা আৰু বিভিন্ন সময়ত কৰ্তব্যৰ সময়ত প্রাণ হেৰুওৱা সাংবাদিকসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়।

          ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ৩ মে’ৰ দিনটো বিশ্বৰ প্ৰেছ স্বাধীনতা দিৱস হিচাপে ঘোষণা কৰে। 

ইউনেস্ক’ৰ সাধাৰণ সন্মিলনৰ পৰামৰ্শ মৰ্মে ১৯৯৩ চনৰ ডিচেম্বৰত ৩ মে’ৰ দিনটো বিশ্বৰ প্ৰেছ স্বাধীনতা দিৱস হিচাপে ঘোষণা কৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ।

          ২০২৫ বৰ্ষৰ বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ মূল বিষয়বস্ত হৈছে-সাংবাদিকতাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ (The impact of Artificial Intelligence (AI) on journalism, media, and human rights)

         ১৯৯১ চনত ইউনেস্ক’ৰ পৰামৰ্শৰ পিছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৯৩ চনত আনুষ্ঠানিকভাৱে বিশ্ব প্ৰেছ স্বাধীনতা দিৱস ঘোষণা কৰে আৰু ১৯৯৪ চনত প্ৰথমবাৰৰ বাবে এই দিৱসটো পালন কৰা হয়। তেতিয়াৰ পৰাই ১৯৯১ চনত গ্ৰহণ কৰা উইণ্ডহ’কৰ ঘোষণাক স্মৰণ কৰি ৩ মে’ দিনটো বিশ্ব সংবাদ স্বাধীনতা দিৱস হিচাপে পালন কৰি অহা হৈছে ।

         ২০২৫ ৰ প্ৰেছ ফ্ৰীডম ইনডেক্সৰ তালিকা অনুসৰি ১৮০ খন দেশৰ ভিতৰত নৰৱে আছে প্ৰথম স্থানত । অন্যহাতে ভাৰত আছে ১৫১ নম্বৰ স্থানত  আৰু একেবাৰে তলত আছে ইৰিত্ৰিয়া। ভাৰতৰ তলত স্থান পোৱা দেশসমূহৰ ভিতৰত আছে ভূটান, পাকিস্তান, তুৰস্ক, পেলেষ্টাইন, চীন, ৰাছিয়া, আফগানিস্তান, ছিৰিয়া, উত্তৰ কোৰিয়া আদি।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist