ন্যায়াধীশ বি আৰ গাভাইক ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ নিযুক্ত

May 1, 2025 - 04:27
May 2, 2025 - 22:00
 0  84
ন্যায়াধীশ বি আৰ গাভাইক ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ নিযুক্ত

ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে ন্যায়াধীশ বি আৰ গাভাইক ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে। তেখেতৰ শপত গ্ৰহণ ১৪ মে তাৰিখে অনুস্থিত হ'ব আৰু উক্ত দিনৰ পৰাই কাৰ্যকৰীতা আৰম্ভ হ'ব । উল্লেখযোগ্য যে ন্যায়াধীশ বি আৰ গাভাইক দেশৰ ৫২ তম মূখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব।

          বৰ্তমানৰ চিজেআই(Chief Justice Of India), ন্যায়াধীশ সঞ্জীৱ খান্নাই ১৩ মে'ত অৱসৰ ল'ব।

           ন্যায়াধীশ বি আৰ গাভাই ১৯৬০ চনৰ ২৪ নৱেম্বৰত মহাৰাষ্ট্ৰৰ অমৰাৱতীত জন্মগ্ৰহণ কৰিছিল। তেওঁ‌  ১৯৮৫ চনত আইনী কৰ্মজীৱন আৰম্ভ কৰে। ১৯৮৭ চনত বোম্বাই উচ্চ ন্যায়ালয়ত স্বতন্ত্ৰ অনুশীলন আৰম্ভ কৰাৰ আগতে তেওঁ প্ৰথমতে প্ৰাক্তন এডভোকেট জেনেৰেল আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ স্বৰ্গীয় ৰাজা এছ ভোনচেলৰ সৈতে কাম কৰিছিল। তেওঁ‌ সাংবিধানিক আৰু প্ৰশাসনিক আইনৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ নাগপুৰ আৰু অমৰাৱতী, অমৰাৱতী বিশ্ববিদ্যালয় আৰু চিকম আৰু ডিচিভিএলৰ দৰে চৰকাৰী নিগমকে ধৰি কেইবাটাও নাগৰিক আৰু শৈক্ষিক সংস্থাক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯২ চনৰ আগষ্ট মাহত তেওঁ বোম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠত সহকাৰী চৰকাৰী প্ৰলিডাৰ আৰু অতিৰিক্ত ৰাজহুৱা অধিবক্তা হিচাপে নিযুক্ত হয়। পিছত তেওঁ একেখন বিচাৰপীঠৰ বাবে ২০০০ চনত চৰকাৰী প্ৰলিডাৰ আৰু ৰাজহুৱা অধিবক্তা হৈছিল।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist