উচ্চতৰ মাধ্যমিক ২০২৫ ৰ ফলাফল ঘোষণা

আজি অৰ্থাৎ বুধবাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল। পুৱা ৯ বজাৰ লগে লগে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ৱেবচাইটৰ জৰিয়তে ফলাফল ঘোষণা কৰিলে। কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শিক্ষা বিভাগৰ ফলাফল ঘোষণা হ'ল। শিক্ষা বিভাগে ঘোষণা কৰা ১২ টা ৱেবচাইটত উপলব্ধ হৈছে ফলাফল সমূহ।
এইবাৰ কলা শাখাত মুঠ ২,২৬,৭৫৬ গৰাকী পৰীক্ষাৰ্থীৰ অৱতীৰ্ণৰ বিপৰীতে ১,৮৪,৭৪৫ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
বিজ্ঞান শাখাত মুঠ ৫৬,৯০৯ গৰাকী পৰীক্ষাৰ্থীৰ অৱতীৰ্ণৰ বিপৰীতে ৪৮,৩০৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
বাণিজ্য শাখাত মুঠ ১৭,৭৪৬ গৰাকী পৰীক্ষাৰ্থীৰ অৱতীৰ্ণৰ বিপৰীতে ১৪,৫৮৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।
অন্যহাতে বৃত্তিমুখী শাখাত মুঠ ১,২০২ গৰাকী পৰীক্ষাৰ্থীৰ বিপৰীতে ৮২৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। মুঠ উত্তীৰ্ণৰ হাৰ হ'ল ৬৮.৫৫ শতাংশ। ছাত্ৰৰ মুঠ উত্তীৰ্ণ সংখ্যা ৫১৯ গৰাকী আৰু ৬৫.৫৩ শতাংশ উত্তীৰ্ণ হাৰ। আনহাতে ছাত্ৰীৰ উত্তীৰ্ণ সংখ্যা ৩০৫ গৰাকী আৰু ৭৪.৩৯ শতাংশ উত্তীৰ্ণ হাৰ। অৱশ্যে বিশ্বনাথ, লখিমপুৰ আৰু শ্ৰীভূমি জিলাত ১০০ শতাংশ উত্তীৰ্ণ হৈছে।
What's Your Reaction?






