মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

Jun 29, 2025 - 09:00
Jun 30, 2025 - 23:50
 0  51

একাংশ নৱ-প্ৰজন্মৰ উচ্ছৃংখল যুৱক-যুৱতীৰে যেন দৈনন্দিন ভৰি পৰিছে গুৱাহাটী। নিতৌ ইটোৰ পিছত সংঘটিত হয় সিটো ঘটনা। নিশা হ'লেই নগ্নতাৰ ছবিখন যেন স্পষ্ট হৈ পৰে গুৱাহাটীত। শনিবাৰে পুৱতি নিশা গণেশ মন্দিৰৰ সমীপত পাঞ্জাবী গলিত এগৰাকী ২০ বছৰীয়া যুৱতীক প্ৰেমৰ বাবেই ছুৰী আৰু সুৰাৰ বটেলেৰে মৰিয়াই আঘাতপ্ৰাপ্ত কৰে আন এগৰাকী যুৱতীয়ে। যুৱতীগৰাকীৰ পেটত আৰু মূৰত স্পষ্ট আঘাতৰ চিন।এজন ৰেপিডʼ চালকৰ সৈতে থকা প্ৰেমৰ সম্পৰ্ক বাবেই ঘটনাটো সংঘটিত হয়। পুৱা খোজকাঢ়িবলৈ অহা এগৰাকী কল্পনা সিং নামৰ মহিলাই দিছপুৰ আৰক্ষীৰ চকীত ঘটনা সন্দৰ্ভত জনায় যে এগৰাকী যুৱতী অৱচেতন অৱস্থাত গণেশগুৰিৰ পাঞ্জাবী গলিত পৰি আছে। দিছপুৰ আৰক্ষী লগে লগে ঘটনা স্থলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নলবাৰীৰ ৰাজু বৰ্মন নামৰ ৰেপিড চালকজনক কৰায়ত্ত কৰে। যদিও আঘাতপ্ৰাপ্ত যুৱতীগৰাকীয়ে আন গৰাকীৰ যুৱতীয়ে হে আক্ৰমণ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰে। বাকী ঘটনাৰ তদন্ত চলি আছে বুলি আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Bobita Dutta Journalist