শিলসাঁকোত ভাঙি পেলোৱা হ'ল অমিয় কুমাৰ দাস গৱেষণা প্ৰতিষ্ঠান
গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে শিলসাঁকোত পুনৰ উচ্ছেদ অভিযান চলালে প্ৰশাসনে। অমিয় কুমাৰ দাস গৱেষণা প্ৰতিষ্ঠানত চলালে বুলড'জাৰ। এমাহৰ ভিতৰতে আকৌ টেনিছ ক'ৰ্টকে ধৰি উচ্ছেদ চলোৱা হ'ব শিলসাঁকোৰ ৫ টাকৈ প্ৰতিষ্ঠানত। মংগলবাৰে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই কথা সদৰী কৰিছে। উল্লেখযোগ্য যে, মঙলবাৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত বুলড'জাৰৰে ভাঙি পেলোৱা হয় শিলসাঁকোস্থিত অমিয় কুমাৰ দাস গৱেষণা প্ৰতিষ্ঠান।
পৰৱৰ্তী সময়ত জিনঝাৰ হোটেল, কোপাৰেটিভ বেংক ,আইডিয়েল-হিল-ভিউ কে ধৰি অবৈধ দখলকাৰী স্থান সমূহ ভাঙি পেলোৱা হ'ব৷ মন্ত্ৰী গৰাকীয়ে আৰু কয় যে চলিত মাহত ৩০ মে’ত আইডিয়েল-হিল-ভিউত চলোৱা হ’ব বুলডজাৰ ৷ একেদৰে অহা এক- দুমাহত বাকি অবৈধ দখল সমূহতো উচ্ছেদ অভিযান আৰম্ভ হ'ব আৰু ইয়াৰ অন্তত শিলসাঁকো বহল আৰু খন্দা হ’ব । তেতিয়া গুৱাহাটীৰ কৃত্ৰিম বান ১০০ শতাংশ নহ’লেও যথেষ্ট পৰিমাণে হ্ৰাস হ'ব ৷
What's Your Reaction?