ডাম্পাৰৰ চেপাত প্ৰাণ গ'ল এটি শিশুৰ
বাক্সা জিলাৰ শালবাৰীত এখন ডাম্পাৰৰ চেপাত প্ৰাণ গ'ল এটি কণমানি ৪ বছৰীয়া শিশুৰ। শিশুটিৰ নাম অংশুমান স্বৰ্গীয়াৰী।
বাক্সা জিলাৰ শালবাৰীত এখন ডাম্পাৰৰ চেপাত প্ৰাণ গ'ল এটি কণমানি ৪ বছৰীয়া শিশুৰ। শিশুটিৰ নাম অংশুমান স্বৰ্গীয়াৰী। শিশুটি শালবাৰীৰ খপসিং পাৰাৰ নিবাসী চক্ৰসিং স্বৰ্গীয়াৰী পুত্ৰ বুলি জানিব পৰা গৈছে। দেউতাকৰ সৈতে বাইকেৰে গৈ থকা অৱস্থাত বাইকৰ পৰা পৰি যায় শিশুটি আৰু তাৰ পাছতেই তীব্ৰবেগী এখন ডাম্পাৰৰ চেপাত থিতাতে মৃত্যু হয় শিশুটিৰ। ঘটনা সংঘটিত কৰা ডাম্পাৰখন জব্দ কৰে আৰক্ষীয়ে। ঘটনাৰ পাছতেই ক্ষুব্ধ হৈ পৰা ৰাইজে ডাম্পাৰৰ দৌৰাত্ম্যৰ বিৰুদ্ধে বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ পথৰ মাজত বহি আৰম্ভ কৰে প্ৰতিবাদ। দিনক দিনে ডাম্পাৰৰ বাঢ়ি অহা দৌৰাত্ম্যৰ বাবেই বৰ্তমান সময়ত নিতৌ বাঢ়িব ধৰিছে এনে ঘটনাৰ সংখ্যা। অবৈধভাবে চলা এনে ডাম্পাৰৰ পৰা সংঘটিত হোৱা ঘটনা ৰোধ কৰিবৰ বাবে স্থানীয় ৰাইজে দাবী জনাইছে প্ৰশাসনক। দীৰ্ঘদিন ধৰি বাৰে বাৰে অবৈধ ভাবে চলা এনে ডাম্পাৰৰ ক্ষেত্ৰত ব্যৱস্থা লʼবৰ বাবে প্ৰশাসনক জনাই অহা দাবীৰ প্ৰতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এনে ঘটনা সংঘটিত হোৱাত সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ।
What's Your Reaction?