মহানগৰীত পুনৰ লোমহৰ্ষক হত্যা কাণ্ড
মহানগৰীৰ মাজমজিয়াত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডই কঁপাইছে খাৰঘূলি। খাৰঘূলিৰ নিবাসী বন্দনা দাস নামৰ মহিলাগৰাকীক কাঁচিৰে ডিঙি ৰেপি হত্যা...
মহানগৰীৰ মাজমজিয়াত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডই কঁপাইছে খাৰঘূলি। খাৰঘূলিৰ নিবাসী বন্দনা দাস নামৰ মহিলাগৰাকীক কাঁচিৰে ডিঙি ৰেপি হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে। আৰক্ষীয়ে প্ৰাথমিক তদন্তত মহিলা গৰাকীক কাঁচিৰে ডিঙি ৰেপি হত্যা কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে। ফৰেনচিকৰ টীম আহি ঘটনা স্থলীত উপস্থিত হৈছে, বাকী তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। মহিলাগৰাকীৰ কুঞ্জলতা দাস নামৰ কেয়াৰটেকাৰ গৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে মিলি এনে নৃশংস কাণ্ড কৰা বুলি সন্দেহ কৰিছে যদিও এই মূহুৰ্তত কেনেদৰে হত্যাকাণ্ডটো সংঘটিত হ'ল তাৰ প্ৰকৃত কাৰণ স্পষ্ট হোৱা নাই। কেয়াৰটেকাৰ হিচাপে থকা স্বামী আৰু পত্নী দুয়োকে সোধা-পোচা আৰম্ভ কৰিছে আৰক্ষীয়ে। তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লেহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।
What's Your Reaction?