গুৱাহাটীৰ শ্বপিং মলত নুডলছত ওলাল নিষিদ্ধ মাংস!
গুৱাহাটীস্থীত চিটি চেণ্টাৰ শ্বপিং মলত হঠাৎ হুলস্থূল পৰিৱেশৰ সৃষ্টি হয়। গুৱাহাটীৰ বিলাসী ৰেষ্টুৰেণ্টত কোনোখাদ্য খোৱাৰ পূৰ্বে এশবাৰ ভাবি চাওক।
গুৱাহাটীস্থীত চিটি চেণ্টাৰ শ্বপিং মলত হঠাৎ হুলস্থূল পৰিৱেশৰ সৃষ্টি হয়। গুৱাহাটীৰ বিলাসী ৰেষ্টুৰেণ্টত কোনোখাদ্য খোৱাৰ পূৰ্বে এশবাৰ ভাবি চাওক। কিয়নো আপুনি গম নোপোৱাকৈয়ে তাত থাকিব পাৰে আপুনি নোখোৱাখাদ্য । হয় ! মহানগৰীৰ মাজমজিয়াত থকা চিটি চেণ্টাৰ শ্বপিং মলৰ তৃতীয় মহলাত থকা 'কে ফুড এণ্টিনা' নামৰ এখন কোৰিয়ান খাদ্যৰ বিপণীত এনেকুৱা এটা ঘটনা সংঘটিত হৈছে। এই বিপণীখনত উপলব্ধ নডুলচত গো-মাংস পোৱা বুলি অভিযোগ উত্থাপিত হৈছে । দুজন যুৱকে 'কে ফুড এণ্টিনা'ত নুডলছ খাবলৈ গৈ ফাদিলকৰিলে এই ৰহস্য । তেওঁলোকে অভিযোগ কৰা মতে কোৰিয়ান কোম্পানীটোৰ নুডলছৰ পেকেটত আছে নিষিদ্ধ মাংসবিধ । যুৱক দুজনে নুডলছৰ পেকেটত কোৰিয়ান ভাষাত লিখা শব্দবোৰ গুগলত অনুবাদ কৰাৰ পিছতে এইকথা ওলাই পৰে । ইয়াৰ পিছত পৰিস্থিতি উত্তপ্ত হোৱাৰ উমান পাই প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলে উক্ত সামগ্ৰীবিধৰ লগতে অন্যান্য সামগ্ৰীসমূহো গোপন স্থানলৈ স্থানান্তৰ কৰে আৰু বিপণীখন বন্ধ কৰি পলায়নো কৰা অভিযোগ উত্থাপন হৈছে । এই সন্দৰ্ভত যুৱক দুজন ক্ৰমে দীপাংকৰ দাস আৰু হিৰক তালুকদাৰে দিছপুৰ থানাতসমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। উল্লেখযোগ্য যে যুৱক দুজনৰ অভিযোগ অনুসৰি নুডলছৰ পেকেটত FSSAI অৰ্থাৎ ভাৰতৰ খাদ্য সুৰক্ষা বিভাগৰ কোনো অনুমোদনৰ কথা লিখা হোৱা নাছিল । দেশত যিকোনোসামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত FSSAI ৰ অনুমোদন বাঞ্চনীয় । কিন্তু কেনেকৈ ভাৰতৰ খাদ্য সুৰক্ষা বিভাগৰ অনুমোদননোহোৱা সামগ্ৰী এবিধ মুকলিকৈ বিক্ৰী কৰিব পাৰে এইটো ৰহস্যৰ বিষয়।
What's Your Reaction?