পঞ্চায়ত নিৰ্বাচন উপলক্ষ্যে ২ আৰু ৭ মে’ত অসমৰ জিলাই জিলাই ৰাজহুৱা বন্ধ

ৰাজ্যজুৰি দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই হেতুকে অসম চৰকাৰে আলোচনাযোগ্য আইন, ১৮৮১ ৰ ২৫ নং ধাৰাৰ অধীনত ২ মে’ আৰু ৭ মে’ তাৰিখত চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে।

Apr 14, 2025 - 14:25
Apr 14, 2025 - 15:17
 0  2
পঞ্চায়ত নিৰ্বাচন উপলক্ষ্যে ২ আৰু ৭ মে’ত অসমৰ জিলাই জিলাই ৰাজহুৱা বন্ধ

২ আৰু ৭ মে’ত জিলাই জিলাই ৰাজহুৱা বন্ধৰ ঘোষণা অসম চৰকাৰৰ। পঞ্চায়ত নিৰ্বাচন( Panchayat election 2025) উপলক্ষ্যে এই সিদ্ধান্ত লোৱা হৈছে।

          ৰাজ্যজুৰি দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই হেতুকে অসম চৰকাৰে আলোচনাযোগ্য আইন, ১৮৮১ ৰ ২৫ নং ধাৰাৰ অধীনত ২ মে’ আৰু ৭ মে’ তাৰিখত চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে। এই ৰাজহুৱা বন্ধ ২ আৰু ৭ মে' তাৰিখে ভোটগ্ৰহণ হ’বলগীয়া অঞ্চলত অৱস্থিত সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক আৰু চাহ বাগিচাত প্ৰযোজ্য হ’ব।

         ২মে’ ২০২৫ত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । একেদৰে ৭ মে’ ২০২৫ ত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । এই দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।

          উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব লগা জিলাকেইখন হৈছে- তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি (কৰিমগঞ্জ)। 

একেদৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লগা জিলাকেইখন হৈছে- ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ (মহানগৰ), হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist