বছৰজোৰা কাৰ্যসূচীৰে সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালনৰ সিদ্ধান্ত কেবিনেটৰ
বছৰজোৰা কাৰ্যসূচীৰে পালন কৰা হ’ব ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ৷ শনিবাৰে কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ১২ এপ্ৰিল, শনিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ এক্স (X)হেণ্ডেলত এই কথা ঘোষণা কৰে।

বছৰজোৰা কাৰ্যসূচীৰে পালন কৰা হ’ব ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ৷ শনিবাৰে কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ১২ এপ্ৰিল, শনিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ এক্স (X)হেণ্ডেলত এই কথা ঘোষণা কৰে।
কেবিনেটে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ লগতে ৫০ জনীয়া শতবাৰ্ষিকী উদযাপন সমিতি গঠন কৰাৰ সংকল্প লয়। ইয়াৰ উপৰিও, গুৱাহাটী, দিল্লী, মুম্বাই, কলকাতা আৰু অৰুণাচল প্ৰদেশত উদযাপনমূলক অনুষ্ঠান অনুষ্ঠিত হ'ব।
ৰাজ্য চৰকাৰে বছৰজোৰা কাৰ্যসূচীৰে ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰিব। চলিত বৰ্ষৰ ৮ ছেপ্টেম্বৰত আৰম্ভ হ'ব আৰু ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত সামৰণি পৰিব। আৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নাইবা ৰাষ্ট্ৰপতি উপস্থিত থাকিব। একেদৰে ২০২৬ চনৰ ৮ ছেপ্টেম্বৰৰ সামৰণি অনুষ্ঠানটো প্ৰধানমন্ত্ৰী নাইবা ৰাষ্ট্ৰপতি উপস্থিত থাকিব। মুখ্যমন্ত্রীৰ অধ্যক্ষতাত থকা ৫০ জনীয়া সমিতিৰ পৃষ্ঠপোষক হিচাপে উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্রীক উপস্থিত থকাৰ বাবে আহ্বান জনোৱা হ'ব। আনহাতে চলিত বৰ্ষত সুধাকণ্ঠৰ জীৱনী ৰাজ্যৰ ১০ লাখ লোকক উপহাৰ হিচাপে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে আৰু অনুৰাধা শৰ্মা পূজাৰীৰ সম্পাদনাত চলি আছে তেখেতৰ জীৱনীৰ কাম । এই জীৱনীখন ভাৰতৰ সকলো ভাষালৈ অনুবাদ কৰা হ'ব। লগতে সকলো পুথিভঁৰাললৈ প্ৰেৰণ কৰা হ’ব। অসমীয়া, ইংৰাজী, হিন্দীত নিৰ্মাণ হ’ব সুধাকণ্ঠৰ তথ্যচিত্ৰ। সুধাকণ্ঠৰ নামেৰে মুদ্ৰা নিৰ্মাণৰ পোষকতাও কৰিছে ৰাজ্য চৰকাৰে। মুদ্ৰা প্ৰস্তুতৰ বাবে ভাৰত চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতি আহ্বান জনাব অসম চৰকাৰে। ড° ভূপেন হাজৰিকাৰ গান আৰু কৰ্মজীৱনৰ ওপৰত গোটেই বছৰটো ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহতো চৰ্চা কৰা হ'ব।
What's Your Reaction?






